Site icon Guwahati Times

কেৰালাত কৰ্মৰত ধেমাজিৰ দুই যুৱকক নৃশংস হত্যা

কেৰালাত কৰ্মৰত ধেমাজিৰ দুই বিবাহিত যুৱকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ধেমাজি ৷ কৰ্ম সংস্হাপনৰ তাগিদাত কেৰেলালৈ গৈ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত ধেমাজি জিলাৰ উত্তৰ ধেমাজি ২ নং টেকজুৰিৰ মহন্ত স্বৰ্গীয়াৰী (৪০) আৰু আদৰ্শ বড়ো গাওঁৰ দিপাংকৰ বসুমতাৰীক (৩৬) সতীৰ্থই নৃশংসভাবে হত্যা কৰা বুলি অভিযোগ উঠিছে ৷ জিলাখনৰ দুইজন বড়ো সম্প্ৰদায়ৰ যুৱকক নৃশংসভাবে হত্যা কৰাঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাছে ৷ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কৰ্মস্থলীৰ একেটা কেম্পাচত একেলগে বাসকৰা দুজন সতীৰ্থই যোৱা ৪ নবেম্বৰ নিশা যুৱক দুজন থকা কোঠাতেই হত্যাকাণ্ড সংঘটিত কৰা বুলি কয় ৷ হত্যাকাণ্ডটো ইমানেই নৃশংস আছিল যে দিপাংকৰ বসুমতাৰীক হত্যাকাৰীয়ে ডিঙি কাটি আৰু মহন্ত স্বগিয়াৰীক ডিঙি কটাৰ উপৰি পেটত খুকুৰি ভৰাই থকা কোঠাৰ ভিতৰতে হত্যা কৰে বুলি মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে সদৰী কৰিছে ৷ হত্যাকাণ্ডৰ পিছত কেৰেলাৰ মোভাট্টুপুঝা থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত কেৰেলাৰ আৰক্ষীয়ে তদন্ত চলাই অসমৰ নগাঁৱৰ সন্তোষ ৰয় আৰু উৰিয্যাৰ গোপাল মাল্লিক নামৰ দুজনক হত্যাকাণ্ডৰে জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ কি কাৰণে সতীৰ্থই অসমৰ দুই যুৱকক নৃশংসভাবে হত্যা ককিলে; ই এক ৰহস্যজনক হৈ আছে ৷ আজি উক্ত দুই যুৱকৰ মৃতদেহ ধেমাজিৰ নিজ গৃহলৈ অনা হয় ৷| ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ধেমাজি অনা মৃতদেহ প্ৰথমে ধেমাজি সদৰ থানালৈ আনি পিচত নিজ ঘৰলৈ পঠোৱা হয় ৷ কৰ্ম সংস্হাপনা বাবে কেৰেলাত কৰ্মৰত দুই শালপতি সম্বন্ধীয় হত্যাৰ বলী হোৱা দিপাংকৰ বসুমতাৰীৰ পত্নীৰ লগতে এটি ১০ মহীয়া কণ্যা সন্তান থকাৰ বিপৰীতে মহন্ত স্বৰ্গীয়াৰীৰ পত্নীসহ দুই পুত্ৰ আৰু এগৰাকী কণ্যা সন্তান আছে ৷ হত্যাকাণ্ডৰ উচিত তদন্তৰ বাবে পৰিয়ালৰ লোকে ধেমাজি সদৰ থানাতো এক গোচৰ ৰুজু কৰিছে ৷

Exit mobile version