Site icon Guwahati Times

নৃশংস! হত্যা কৰি যুৱতীক পেলাই থৈ গ’ল ৰাজপথত…

ধিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এগৰাকী যুৱতীক। শুকুৰবাৰে পুৱা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ।

ধূপগুৰি কলনিবস্তিত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। যুৱতীগৰাকী ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। যুৱতীগৰাকীৰ দেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট হৈ আছে।

ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোনে কিয় এই ঘটনা সংঘটিত কৰিলে এয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

Exit mobile version