Site icon Guwahati Times

মণিপুৰৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু গোলা বাৰুদৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে অভিযান চলাই কেবাটাও মাৰণাস্ত্ৰ আৰু বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে।

নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কাঙপোকপি, থৌবাল, ইম্ফল পশ্চিম, চুৰাচান্দপুৰ আৰু ইম্ফল পূব জিলাৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে এই মাৰণাস্ত্ৰসমূহ।‌ অভিযান কালত ইম্ফল পশ্চিম জিলাৰ মইডাংপক অঞ্চলৰ পৰা ১টা এ কে ৫৬ আৰু ১টা পিষ্টল, ২ টা ডিটনেটৰৰ সৈতে ৩৬ টা হেণ্ড গ্ৰেনেড, ৫০ টা ৭.৬২ এম এম পিষ্টলৰ গুলি, ১০০ টা ১২ ব’ৰ কাৰ্টিজৰ গুলি আৰু ৪ টা পাম্পি গানৰ বিস্ফোৰক জব্দ কৰে।

আনহাতে, ইম্ফল পশ্চিম জিলাৰ সাজিৰক গাঁৱত অভিযান চলাই আৰক্ষীয়ে ১টা নাইন এম এম পিষ্টল, ডিটনেটৰ সহ ৩টা হেণ্ড গ্ৰেনেড, ১টাকৈ মৰ্টাৰ আৰু লাথোড ছেল জব্দ কৰে। ইফালে চুৰাচান্দপুৰ জিলাৰ পৰাও ২টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফলসহ ৫ টা গুলী জব্দ কৰে আৰক্ষীয়ে।

Exit mobile version