Site icon Guwahati Times

কিশোৰীক অপহৰণ আৰু ধৰ্ষণঃ দোষীক ২০ বছৰৰ কাৰাদণ্ড লগতে ২০,০০০ টকা জৰিমণা

অপহৰণ কৰি ধৰ্ষণৰ অভিযুক্ত শাস্তি প্ৰদান কৰিছে আদালতে। উত্তৰ প্ৰদেশৰ মহৰাজগঞ্জ জিলাৰ এখন বিশেষ আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমণা বিহে। শনিবাৰে আৰক্ষীয়ে জনাই এই কথা।

আৰক্ষীয়ে জনাই যে শুকুৰবাৰে বিশেষ ন্যায়াধীশ বিনয় কুমাৰ সিঙে অপহৰণ আৰু ধৰ্ষণৰ অভিযুক্ত প্ৰদ্যুমনক দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ড বিহে লগতে ২০ হাজাৰ টকাৰ জৰিমণা বিহে।আদালতে লগতে কয় যে জৰিমণা নিদিলে দোষীয়ে অতিৰিক্ত ৬ মাহ আৰু জেলত থাকিব লাগিব।

অভিযোগ অনুসৰি, এই ঘটনা ২০২১ চনৰ ২৫ নৱেম্বৰত সংঘটিত হৈছিল। প্ৰদ্যুমন নামৰ লোকজনে ১২ বছৰীয়া কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ফুচুলাই লৈ গৈছিল আৰু ধৰ্ষণ কৰিছিল।

ভুক্তভোগীৰ পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত এই সকলো কথা গম পোৱাৰ পাছত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ মাজতে ২৪ নৱেম্বৰ, ২০২৩ ত দোষী সাব্যস্ত হয় তেওঁ।

Exit mobile version