Site icon Guwahati Times

তৰমুজ খাই ইয়াৰ বীজ পেলাই দিয়ে নেকি ? জানি লওক ইয়াৰ উপকাৰিতা…

গ্ৰীষ্মকালত শৰীৰটো ঠাণ্ডা ৰাখিবলৈ বহুলোকে বিভিন্ন গ্ৰীষ্মকালীন ফলৰ ওপৰত নিৰ্ভৰ কৰে । গ্ৰীষ্মকালীন শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ পানী আৰু বিভিন্ন ৰসাল ফলৰ প্ৰয়োজন। এই তালিকাৰ আৰম্ভণিতে আছে তৰমুজৰ নাম ।

তৰমুজত ৯২ শতাংশ জলীয় উপাদান থাকে যি শৰীৰৰ অত্যাৱশ্যকীয় পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিন্তু নিশ্চিতভাৱে আপুনি তৰমুজ খোৱাৰ পাছত তাত থকা সৰু ক’লা গুটিবোৰ পেলাই দিয়ে ?

বহুলোকে নিৰামিষ ৰন্ধন বা তৰকাৰীত এই গুটিৰ গুৰি মচলা হিচাপে ব্যৱহাৰ কৰে। এই চাৰমগজ মচলা যে প্ৰকৃততে তৰমুজৰ বীজ এই কথা বহুলোকে নাজানে ।

পুষ্টিবিদসকলে জনাই যে তৰমুজৰ এই গুটি অতি পুষ্টিকৰ । তৰমুজৰ বীজত প্ৰ’টিনৰ পৰিমাণ বহুত বেছি। সুস্থ হৈ থাকিবলৈ, গোটেই দিনটোত প্ৰয়োজন হোৱা প্ৰ’টিনৰ ৬০ শতাংশই একাপ তৰমুজ বীজৰ পৰা পাব পাৰি।

ইয়াৰ উপৰিও তৰমুজ বীজৰ শৰীৰত আৰু কি উপকাৰ থাকিব পাৰে ?

(১) হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে ।

বিভিন্ন ঋতুগত ৰোগ পৰিহাৰ কৰিবলৈ, তৰমুজৰ বীজে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰিব পাৰে। কিয়নো এই বীজত জিংক থাকে। তৰমুজৰ বীজ হৈছে জিংকৰ এক প্ৰাকৃতিক উৎস।

(২) হজম কৰাত সহায় কৰে

তৰমুজৰ বীজত অধিক আঁহ থাকে। যি অন্ত্ৰৰ স্বাস্থ্য ভাল ৰখাত সহায় কৰে। পাচন তন্ত্ৰ ভাল থাকিলে, হজমৰ কোনো সমস্যা নাই।

(৪) চুলি আৰু ছাল স্বাস্থ্যৱান ৰাখে

প্ৰ’টিনৰ লগতে, তৰমুজৰ বীজত ফেটি এচিড থাকে, যি ছাল আৰু চুলিৰ স্বাস্থ্য ভাল ৰাখে। ই ছালৰ যিকোনো প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।

(৫) হাড় শক্তিশালী কৰে

কেলচিয়ামৰ উপৰিও, হাড়ৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ কেবাটাও খনিজ পদাৰ্থৰ প্ৰয়োজন, এই খনিজ বোৰ তৰমুজৰ বীজত প্ৰচুৰ পৰিমাণে থাকে। কেৱল হাড়েই নহয়, পেশী গঠনৰ ক্ষেত্ৰতো এই খনিজ পদাৰ্থবোৰ অতি গুৰুত্বপূৰ্ণ।

Exit mobile version