Site icon Guwahati Times

ভাৰতৰ ৰোমাঞ্চকৰ জয়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰিলে ভাৰতে, বিশ্বকাপৰ প্ৰতিশোধ ল’লে টীম ইণ্ডিয়াই

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলাত জয়ী হ’ল। এই শৃংখলাৰ অন্তিমখন মেচত টছত পৰাজিত হৈ টীম ইণ্ডিয়াৰ হৈ প্ৰথম বেটিং কৰা শ্ৰেয়াছ আয়েৰে একক যুঁজেৰে অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬০ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক ১৬১ ৰানৰ লক্ষ্য দিয়ে। আনহাতে, অষ্ট্ৰেলিয়াৰ দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৪ ৰানহে সংগ্ৰহ কৰে আৰু ৬ ৰানত পৰাজিত হয়। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে ৫ মেচৰ শৃংখলাত ৪-১ ব্যৱধানত জয়লাভ কৰে।

Exit mobile version