Site icon Guwahati Times

ক্ষেত্রীত ভয়ংকৰ দুৰ্ঘটনা : তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত এজন

বুধবাৰে নিশা ক্ষেত্রীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত হয় এজন লোক। নিহত লোকজন ক্ষেত্রীৰ চখুৰাৰ লালুৱা কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰামতে, ৰাজপথ পাৰ হ’বলৈ লওঁতেই তীব্রবেগী ইন’ভা বাহনখনে খুন্দিয়াই থৈ যায় লালুৱা কৰ্মকাৰক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Exit mobile version