Site icon Guwahati Times

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্তৰ…

ধেমাজি জিলা মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৰ্ব মাছখোৱা গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য দেৱজিৎ দত্তই ঘৰত কোনো নথা সুযোগ গ্ৰহণ কৰি যোৱা ৪ ডিচেম্বৰত ১৩ বছৰীয়া এগৰাকীৰ কিশোৰীক বলপূৰ্বক ভাৱে ধৰ্ষণৰ চেষ্টা চলোৱাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

ইতিপূৰ্বে গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজেহাৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে 171/23 নম্বৰত পছ’কো ( POCSO )আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি বুধবাৰে ধেমাজি আদালত ভুক্তভোগীৰ কিশোৰী গৰাকীৰ পৰা জবানবন্দী গ্ৰহন কৰে ৷ লগতে শিশু সুৰক্ষা আইনৰ অধীনতো সুকীয়াকৈ অভিযুক্ত দেৱজিৎ দত্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে ৷

ঘটনাৰ পিছৰে পৰা বৰ্তমানলৈকে ৱাৰ্ড মেম্বাৰগৰাকী পলাতক হৈ আছে ৷ উল্লেখ্য যে, বিজেপি দলৰ পৰা নিৰ্বাচন খেলি ৱাৰ্ড মেম্বাৰ হোৱা দেৱজিৎ দত্তই পৰৰ্ৱতী সময়ত তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে আইনৰ জৰিয়তে অপৰাধীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ৷

Exit mobile version