Site icon Guwahati Times

নলবাৰীত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ; বিহ খুৱাই হত্যাৰ সন্দেশ

নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে।

বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ । সোমবাৰে আছিল কিশোৰজনৰ ওপজা দিন। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে। নলবাৰীৰ বৰসৰকুছীত সংঘটিত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো।

শোৱণি কোঠাত আত্মীয়ই প্ৰত্যক্ষ কৰে দুয়োৰে মৃতদেহ আৰু লগে লগে খবৰ দিয়ে আৰক্ষীক। স্বামী জগদীশ হালৈয়ে পত্নী আৰু পুত্ৰক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান পলাতক আছে অভিযুক্ত।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্য়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version