Site icon Guwahati Times

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ অসম কন্যাৰ সাফল্য।

অসমীয়া যুৱক-যুৱতীয়ে এটাৰ পিছত এটাকৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত। কি শিক্ষা, কি স্বাস্থ্য, কি ক্ৰীড়া, কি ৰাজনীতি ক’তোৱে পিছ পৰি ৰোৱা নাই শংকৰদেৱ- মাধৱদেৱ, লাচিত- চিলাৰায়ৰ দেশৰ তৰুণ-তৰুনীয়ে। এইবাৰ গুৱাহাটীৰ ভঙাগড়ৰ কন্যা চিন্ময় ঠাকুৰীয়াই আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকত।

কৰ্ণাটকৰ বেংগলোৰস্থিত ৰাজীৱ গান্ধী স্বাস্থ্য-বিজ্ঞান বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ….B.A.M.S (MD) চুড়ান্ত পৰীক্ষাত অসম কন্যা চিন্ময়ী ঠাকুৰীয়াৰ এই সাফল্য। কৰ্ণাটকৰ বেংলোৰৰ নিমহাঞ্চ কনভেঞ্চন চেণ্টাৰৰ এক গাম্ভীৰ্যপূৰ্ণ অনুস্হানত কৰ্ণাটকৰ মাননীয় ৰাজ্যপাল থাৱাৰ চান্দ গেহলোটে। চিন্ময়ীক সোণৰ মেডেল আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে।

গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰি আৰু S.D.M আযুৰ্বেদিক কলেজ চিকিৎসালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰি লাভ কৰা চিন্ময়ী গুৱাহাটীৰ ভঙাগড় শ্ৰীমন্তপু্ৰৰ নিবাসী শ্ৰীযুত মদন ঠাকুৰীয়া আৰু শ্ৰীমতি ৰত্না বায়ন ঠাকুৰীয়াৰ কণিষ্ঠ কন্যা। অসমীয়াৰ নিৰৱিচ্ছিন্ন জয়যাত্ৰাত গৌৰৱান্বিত ৰাজ্যবাসী।

Exit mobile version