Site icon Guwahati Times

চিকিৎসকক উপহাৰক দিব নোৱাৰিব দৰৱ কোম্পানীয়ে: চৰকাৰৰ নিৰ্দেশনা কেন্দ্রীয়

দৰৱ কোম্পানীসমূহে এতিয়াৰে পৰা চিকিৎসকক কোনো ধৰণৰ উপহাৰ আৰু দৰৱৰ নমুনা প্রদান কৰিব নোৱাৰিব। এই সন্দর্ভত ঔষধি বিভাগে এক নতুন নির্দেশনা জাৰি কৰিলে।

ঔষধি বিপণন প্ৰথাৰ সমান সংহিতা (ইউচিপিএমপি) ২০২৪ আইনৰ অধীনত চিকিৎসকক বিনামূলীয়া নমুনা যোগান ধৰাটো নিষিদ্ধ কৰা হ’ল। ইউচিপিএমপিৰ নিৰ্দেশনাৱলী অনুসৰি, কোনো ফার্মাচিউটিকেল কোম্পানীয়ে বা তেওঁলোকৰ প্ৰতিনিধিয়ে চিকিৎসক বা চিকিৎসকৰ পৰিয়ালৰ সদস্যক কোনো উপহাৰ বা অন্যান্য লাভ প্রদান কৰিব নোৱাৰিব।

উল্লেখ্য যে প্ৰায়বোৰ ফার্মাচিউটিকেল কোম্পানীয়ে প্ৰস্তুত কৰা বিভিন্ন দৰৱ চিকিৎসকৰ জৰিয়তে নিদানপত্ৰত উল্লেখ কৰাৰ বাবে চিকিৎসকক নানা ধৰণৰ উপহাৰ সামগ্ৰীৰ লগতে দৰৱৰ নমুনা যোগান ধৰি আহিছে।

Exit mobile version