Site icon Guwahati Times

নগাঁৱৰ বেবেজীয়াত এন ই গ্ৰীণ “এবাকাছ”ৰ শাখা মুকলি

নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:– নগাঁও জিলাৰ বেবেজীয়াত ৰবিবাৰে নৰ্থ ইষ্ট গ্ৰীণ “এবাকাছ”ৰ এটি শাখা মুকলি কৰা হয় । এই উপলক্ষে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাই কয় যে গণিত হ’ল সকলো বিষয়ৰ লগতে সম্পৰ্ক থকা বিষয় । ছাত্ৰ-ছাত্ৰীসকলে গণিত বিষয়টো বেছি ভয় কৰে । গণিত বিষয়টো যদি ছাত্ৰ-ছাত্ৰীসকলে পুংখানুপুংখকৈ অধ্যয়ন কৰে তেন্তে ভয়ৰ কোনো কাৰণ নাই । প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানত এন ই গ্ৰীণ “এবাকাছ”ৰ নগাঁও কেন্দ্ৰৰ সঞ্চালক নীলপৱন বৰুৱাই “এবাকাছ”ৰ ইতিহাস আৰু ইয়াৰ জৰিয়তে কেনেদৰে গণিত শিক্ষা লাভ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ।

“এবাকাছ”ৰ বেবেজীয়া কেন্দ্ৰৰ প্ৰশিক্ষক নিশিতা নাথে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক পুতুল চন্দ্ৰ নাথ,”এবাকাছ”ৰ নগাঁও কেন্দ্ৰৰ শিক্ষক নিতুল দাস,ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নয়ন জ্যোতি শইকীয়া, ভূৰাগাঁও মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰিপুঞ্জয় শৰ্মা আৰু সাংবাদিক ঋতু পৰ্ণ শৰ্মাই উপস্থিত থাকি বক্তব্য ৰাখে । উল্লেখ্য যে “এবাকাছ”ত ৬বছৰৰ পৰা ১৪বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি তিনিমাহৰ মূৰে মূৰে আঠটা লেভেলত পঢ়িব লাগিব । বেবেজীয়া কেন্দ্ৰত প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বিয়লি পাঠদান কৰা হ’ব ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version