Site icon Guwahati Times

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰাক “নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা” প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ৰাজ্যৰ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান “প্ৰতিদিন টাইম”ৰ মধ্য অসমৰ ব্যুৰ’ চীফ তথা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰাক “নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা” প্ৰদান কৰা হৈছে। নগাঁও জিলাৰ “ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ‌”ই বঢ়মপুৰৰ চলচলি বিৰহী গাওঁ ন-বাট তিনিআলিত আয়োজিত ৰঙালী বিহুৰ কাৰ্যসূচীত সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই বঁটা। উল্লেখ্য যে সাংবাদিক বীৰেন বৰাই সাংবাদিকতাৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে “ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ‌”ই এই বঁটা প্ৰদান কৰে সাংবাদিকগৰাকীক। বঁটাগ্ৰহণ কৰি সাংবাদিকগৰাকীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে অনুষ্ঠানটোৰ শলাগ লয় ।


ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version