Site icon Guwahati Times

ফ্ৰান্সৰ পৰা প্রৱঞ্চক ব্যৱসায়ী মালিয়াক আনিব ভাৰতলৈ চর্তহীন প্রত্যর্পণ দাবী ভাৰতৰ

ভাৰত চৰকাৰে পলাতক প্রৱঞ্চক ব্যৱসায়ী বিজয় মালিয়াক স্বদেশলৈ ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰত চৰকাৰে ফ্ৰান্সৰ বিষয়াৰ স’তে যোগাযোগ কৰি চৰ্তহীনভাবে মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ দাবী উত্থাপন কৰিলে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাতৰিত উল্লেখ কৰা অনুসৰি বৰ্তমানেও মালিয়া ব্রিটেইনতে আছে আৰু ভাৰতে ব্রিটেইন চৰকাৰৰ স’তেও এই বিষয়ত যোগাযোগ অব্যাহত ৰাখিছে। মালিয়াৰ বিদেশৰ একাধিক দেশত সা-সম্পত্তি আছে আৰু ফ্রান্সতো তেওঁৰ ৩১৩ কোটি টকাৰ সম্পত্তি আছে।

মালিয়াই যাতে ব্রিটেইন ত্যাগ কৰি আন দেশত আশ্রয় ল’লে তেওঁক ভাৰতলৈ অনাৰ প্রক্রিয়া ব্যাঘাত নহয়, তাক নিশ্চিত কৰিবলৈ ভাৰতে ফ্ৰান্সৰ স’তেও এই বিষয়ত আলোচনা অব্যাহত ৰাখিছে। উল্লেখ্য যে মালিয়াই ভাৰতৰ ১৭ টা বেংকৰ পৰা প্ৰায় ন হেজাৰ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰাকৈ পলায়ন কৰিছিল ৷

Exit mobile version