Site icon Guwahati Times

নিউম’নিয়াৰ পৰা সুৰক্ষিত ৰাখক শিশুটিক

নিউম’নিয়া হৈছে হাঁওফাঁওৰ সংক্রমণজনিত ৰোগ। এই ৰোগ সচৰাচৰ বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণৰ বাবে হয়। অৱশ্যে কেতিয়াবা হাঁওফাঁওত ভেঁকুৰৰ সংক্রমণৰ বাবেও নিউম’নিয়া হয়। এই ৰোগৰ অন্যতম প্রধান কাৰণ হৈছে হাঁওফাঁওত ‘স্ট্রেপ্টোকক্কাছ নিউম’নি’ নামৰ এবিধ বেক্টেৰিয়াৰ সংক্রমণ। নিউম’নিয়া হৈছে নিৰাময় যোগ্য আৰু প্রতিৰোধযোগ্য ৰোগ।

তৎসত্ত্বেও প্রতি বছৰে অসংখ্য শিশুৰ এই বোগত মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ পৰিসংখ্যা অনুসৰি, প্রতি বছৰে নিউম’নিয়াত যিমান ৰোগীৰ মৃত্যু হয় তাৰ ১৫ শতাংশই হৈছে শিশু। এইদৰে মৃত্যু হোৱাৰ শিশু ৰোগীৰ বয়স পাঁচ বছৰৰ কম।

বিশেষজ্ঞৰ মতে, বতাহত নিউম ‘নিয়াই আক্রমণ কৰাৰ অন্যতম কাৰণ। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে ভাৰত, পাকিস্তান, কংগো, নাইজেৰিয়া, ইথিওপিয়াত এই ৰোগত শিশুৰ মৃত্যুৰ হাৰ বাঢ়ি থকা প্ৰদূষণেই হৈছে শিশুক সবাতোকৈ বেছি। ২০১৮ ত সমগ্র বিশ্বতে আঠ লাখৰ অধিক শিশুৰ নিউম’নিয়াত মৃত্যু হৈছিল। ইয়াৰ ভিতৰত অর্ধেক শিশুৰ মৃত্যু হয় উক্ত পাঁচখন দেশত। তথ্য অনুসৰি, ইয়াৰ ভিতৰত অধিকাংশৰে বয়স দুবছৰৰ কম।

# নিউম’নিয়াৰ লক্ষণ :

$ নিউম’নিয়াৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ আৰু তাৰ লগতে অনর্গল খুহখুহীয়া কাহ। ইয়াৰ লগতে থাকে শ্বাস- প্রশ্বাসৰ সমস্যা। হাঁওফাঁওত সংক্রমণ যিমান বাঢ়ে, শ্বাস-প্রশ্বাসৰ কষ্টও সিমানেই বাঢ়ে।

$ নিউম’নিয়াত বুকুত বিষ হ’ব পাৰে। অৱশ্যে বুকুৰ বিষৰ ধৰণ একেবাৰে ভিন্ন। গভীৰ বা দীঘলীয়া শ্বাস লোৱাৰ সময়ত বুকুত বিষ বা চাপ অনুভৱ হ’ব পাৰে। মূলতঃ হাঁওফাঁওত সংক্রমণজনিত প্রদাহৰ ফলতে এই বিষ হয়।

$ইয়াৰ উপৰি নিউম’নিয়াত মূৰৰ বিষ, শৰীৰ দুৰ্বল হৈ পৰা, খোৱাত অনিহা, সকলো সময়তে বমি বমি ভাব আদি একাধিক আনুসংগিক সমস্যাই দেখা দিয়ে।

Exit mobile version