Site icon Guwahati Times

২০২৫ বৰ্ষৰ HSLC পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা…

২০২৫ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা। সেই অনুসৰি ২০২৫ ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪ টা বিষয়ত থাকিব OMR প্রশ্নকাকত।

চলিত বছৰৰ পৰা নৱম শ্রেণীত সংযোজন হ’ব এটা নতুন ঐচ্ছিক বিষয়। এই নতুন বিষয় হ’ব ‘কৃত্রিম বুদ্ধিমত্তা আৰু ৰব’টিক্স’ ।

পৰীক্ষাত শিক্ষাৰ্থীসকলে MCQ, বৰ্ণনামূলক দুয়োটা বিষয়তে উত্তীৰ্ণ হ’ব লাগিব।এতিয়াৰে পৰা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব।

ইংৰাজী আৰু অন্যান্য ভাষাৰ বিষয়ৰ প্রশ্নবোৰ নিৰ্ধাৰিত পাঠ আৰু বিষয়ৰ ওপৰতহে থাকিব। বিজ্ঞান আৰু গণিতৰ প্রশ্ন কেৱল পাঠ্যপুথিৰ পৰাই নিৰ্ধাৰিত নহ’ব। সম্পূৰ্ণ বিষয়বস্তুৰ ওপৰত অধ্যয়ন থাকিব লাগিব শিক্ষাৰ্থীৰ। বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্রশ্নৰ আৰ্হিও সলনি হ’ব নতুন ৰাষ্ট্ৰীয় শীক্ষা নীতি অনুসৰি।

Exit mobile version