Site icon Guwahati Times

গাওঁ পঞ্চায়তে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ১৫ দিন ধৰি বিহালীত এটা পৰিয়ালে প্ৰৱেশ কৰিব পৰা নাই বাসগৃহত

বিহালী চেৰেলীয়া গাওঁ পঞ্চায়তে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ১৫ দিন ধৰি বিহালীত এটা পৰিয়ালে প্ৰৱেশ কৰিব পৰা নাই বাসগৃহত; ভুক্ত ভোগীৰ প্ৰতিক্ৰিয়া

বিহালী সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া গাওঁ পঞ্চায়তৰ সমীপৰ এটা বাসগৃহ ১৫ দিন ধৰি পানীত ডুবি আছে এটা পৰিয়ালে ১৫ দিন ধৰি গৃহত প্ৰৱেশ কৰিব পৰা নাই লোকৰ ঘৰত আশ্ৰয় লৈ থাকিব লগা হৈছে এই প্ৰতিক্ৰিয়া ভুক্ত ভোগীৰ। তথ্য মতে বিগত ১০বছৰে মঞ্জু মাজী আৰু চুনিল মাজী সেই খনঘৰতে বসবাস কৰি আহিছে কিন্তু এই চলিত বৰ্ষত পঞ্চায়তৰ এটা নলা এখন ঘৰে বন্ধ কৰি দিয়াত এতিয়া মাজু ঘৰৰ ভিতৰতে এককাল পানীৰে বোৰ গৈ আছে যাৰ বাবে আজি ১৫ দিন ধৰি এটা পৰিয়ালে লোকৰ ঘৰত আশ্ৰয় লৈ থাকিব লগা হৈছে। আজি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শীঘ্ৰেই পঞ্চায়তে এটা সু ব্যৱস্থা কৰি দিয়ক আমাৰ হাতত ভুক্ত ভোগীৰ প্ৰতিক্ৰিয়া আছে আগবঢ়াইছোঁ।

বিশ্বনাথ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version