Site icon Guwahati Times

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন; এবেলাতে ভাৰতৰ বজাৰত ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ

নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে মন্দাৱস্থাৰ দিশলৈ ঠেলি দিছে আমেৰিকাৰ অৰ্থনীতি।

শুকুৰবাৰে মুকলি কৰা তথ্য মতে জুলাই মাহত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে আমেৰিকাত নিৱনুৱাৰ সংখ্যা। সেই তথ্য ৰাজহুৱা হোৱাৰ পাছতে বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন।

১১ জুলাইত ৪২৪২৬.৭৭ পইণ্টেৰে সৰ্বকালৰ শিখৰ চোৱা জাপানৰ Nikkei 225 ইনডেক্স সোমবাৰে নামিল ৩১১৫৬.১২ পইণ্টলৈ। ১৯৮৭ চনৰ পাছত এদিনতে এনেদৰে পতন হোৱা নাছিল জাপানৰ শ্বেয়াৰ বজাৰ। টাইৱানৰ বজাৰতো হাহাকাৰ। ৫৭ বছৰত পতনৰ অনাকাংক্ষিত অভিলেখ ৰচিলে টাইৱানৰ শ্বেয়াৰ বজাৰে। দক্ষিণ কোৰিয়াৰ বজাৰতো বিগত ৩ দিন ধৰি অব্যাহত আছে পতন।

Exit mobile version