Site icon Guwahati Times

নগাঁও জিলা বিশেষ কাৰাগাৰত ”জ্ঞানজ্যোতি” নামেৰে পুথিভঁড়াল উদ্বোধন

নিউজ ব্যুৰ’,নগাঁও,১০জুন:–পুথিভঁড়াল বিজ্ঞানৰ পিতৃস্বৰূপ ড° শিৱালী ৰামমৃত ৰঙ্গনাথনৰ ১৩২ সংখ্যক জন্মদিন পুথিভঁড়াল দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উদ্যোগত নগাঁও জিলা বিশেষ কাৰাগাৰত ”জ্ঞানজ্যোতি” নামেৰে এটি পুথিভঁড়াল শুক্ৰবাৰে উদ্বোধন কৰা হয়। পুথিভঁৰালটো উদ্বোধন কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই পুথিভঁৰালটো উদ্বোধন কৰে।উদ্বোধনী সভাখনত জিলা অতিৰিক্ত আয়ুক্ত সুদ্বীপ নাথ আৰু সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে। ভাষণ প্ৰসংগত প্ৰতাপ হাজৰিকাই পুথিভঁড়াল আন্দোলন,পুথিভঁড়াল আইন তথা পুথিভঁড়াল বিজ্ঞানৰ পিতৃস্বৰূপ ড° শিৱালী বামমৃত ৰঙ্গনাথনৰ জীৱন আদৰ্শৰ ওপৰত বক্তব্য প্রদান কৰে।সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ প্রধান সম্পাদক বল্লদেৱ শমাই আঁত ধৰা উদ্বোধনী সভাখনত বিশিষ্ট সাহিত্যিক ইচমাইল হুচেইন,কাৰাগাৰৰ অধীক্ষক ৰাজু চৌধুৰীয়ে সন্মানিত অতিথি তথা সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ উপ সভাপতি শশীন্দ্র দেৱ মহন্ত,সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ,শিল্পী ধেনুৰাম নাথ,নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথ,সন্থাৰ সহঃ প্রকল্প বিষয়া বাবলী ৰাণী দেৱ,সমন্বয়ক ডেইজী সেনাপতিয়ে নিমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰে। শিল্পী ভাস্কৰজ্যোতি নাথৰ মঙ্গলাচৰণ আৰু ভক্তিমূলক গীতেৰে আৰম্ভ কৰা সভাখনৰ অন্তত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথে। সভাৰ শেষত জাতীয় সংগীত পৰিবেশনৰে অনুষ্ঠানৰ সামৰণি মৰা হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version