Site icon Guwahati Times

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি চিকিৎসকৰ

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ প্ৰতিবাদত দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ঘোষণা। এইবাৰ কৰ্মবিৰতিৰ সিদ্ধান্ত ল’লে দেশৰ ভিতৰতে
চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে (IMA)।

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি বা ‘Withdrawal of services’ ঘোষণা কৰিলে আইএমএ-ই। সংগঠনৰ ফালৰ পৰা জনোৱা হৈছে যে আপাতকালীন সেৱাৰ বাদে এই ২৪ ঘণ্টাত আন সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব চিকিৎসকসকল। নিয়মীয়া অ’পিডি আৰু নিৰ্বাচিত অস্ত্ৰোপচাৰৰ কাম কৰা নহ’ব। বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে।

Exit mobile version