Site icon Guwahati Times

অসমৰ আৰক্ষীৰ Most wanted অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা আৰক্ষীৰ গুলিত নিহত

আজি দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপ , গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত আনোৱাৰ হুছেইনে সন্ত্ৰসৰ সৃষ্টি কৰি আহিছিল।

আজি বিজয়নগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পলাশবাৰীৰ নহিৰা গাৱৰ সত্ৰপাৰাত বগা চোৰৰ অৱস্থিতিৰ সম্ভেদ পাই ।

উক্ত স্থানত আৰক্ষী গৈ পোৱাৰ লগে লগে আনোৱাৰ হুছেইনে আৰক্ষী লৈ লক্ষ্য কৰি গুলি চলনা কৰে তাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে ও গুলি চলন কৰিব লগা হোৱাত আনোৱাৰ হুছেন ওৰফে বগা ৰ মৃত্যু হয়।আৰু আনোৱাৰ লগত থকা দুজন সহযোগী পলাবলৈ সক্ষম হয়।
কুখ্যাত আনোৱাৰ গাড়ী চুৰি, চিলনী চোৰকে ধৰি বিভিন্ন চুৰি কাণ্ড আৰু ড্ৰাগছৰ ব্যৱসায়ত দীৰ্ঘদিন ধৰি জড়িত আছিল।

আনোৱাৰে আৰক্ষীলৈ গুলি চালনা কৰা পিষ্টল এটা উদ্ধাৰ কৰা হৈছে । লগত উদ্ধাৰ কৰা হৈছে ড্ৰাগছৰ কণ্টেনাৰ ।

Exit mobile version