Site icon Guwahati Times

ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত ৰূপৰ পদক লাভ দুই অসমীয়াৰ

কৰ্ণাটকত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ কিউৰুগী আৰু ১৩ সংখ্যক ৰাষ্ট্ৰীয় পুমছে’ত উজলি উঠিছে দুই অসম সন্তান। স্তুতি কিংকিনী মজুমদাৰ আৰু টুচনিক ভূঞা ।

যোৱা ৭ জুলাইৰ পৰা ৯ জুলাইলৈকে কৰ্ণাটকত অনুষ্ঠিত হৈছিল উক্ত প্ৰতিযোগিতাখন। এই প্ৰতিযোগিতাত স্তুতি কিংকিনী মজুমদাৰে একক শাখাত ৰূপৰ পদক পাবলৈ সক্ষম হয়। ইফালে ৰাষ্ট্ৰীয় পুমছে’ দলীয় শাখাত স্তুতি কিংকিনীৰ লগতে আৰু আনগৰাকী অসম সন্তান টুচনিক ভূঞাই ৰূপৰ পদক লাভ কৰে।

উল্লেখযোগ্য যে স্তুতি কিংকিনী মজুমদাৰ প্ৰখ্যাত সাংবাদিক প্ৰয়াত অনিল মজুমদাৰৰ দুহিতা। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী স্তুতি কিংকিনীয়ে ইলাইট টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষকদ্বয় নীলমজ্যোতি কলিতা আৰু পৰাগজ্যোতি কলিতাৰ ওচৰত প্ৰশিক্ষণগ্ৰহণ কৰি আছে।

আনহাতে আনগৰাকী অসম সন্তান তথা উত্তৰ গুৱাহাটী নিবাসী টুচনিক ভূঞা পিতৃ সঞ্জীৱ ভূঞা আৰু মাতৃ অৰ্চনা ভূঞাৰ পুত্ৰ।

Exit mobile version