Site icon Guwahati Times

ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ…

উৎসৱৰ বতৰা লৈ ধৰালৈ আগমণ ঘটিছে ঋতু ৰাণী শৰতৰ। শাৰদীয় উৎৱৰ এই বতৰক অধিক প্ৰাণৱন্ত কৰি তুলিলে দেৱী দুৰ্গাৰ আগমণে। আজি মহালয়া। শক্তিৰূপিণী মা দুৰ্গা ধৰাৰ বুকলৈ নামিছে।

দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা এইবাৰ দুলাত আহিছে মৰ্ত্যলৈ। হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয়, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল।

মহালয়া অৰ্থাৎ পিতৃ পক্ষৰ অন্ত, দেৱীৰ পক্ষৰ সূচনা। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনোৱা হয়। এই ‘চণ্ডী’ত দেৱী দুৰ্গাৰ সৃষ্টি আৰু দেৱীৰ মহিমাৰ বৰ্ণনা আছে। এই মহালয়া দুৰ্গাপূজাৰ এক গুৰুত্বপূৰ্ণ অংশ।

আজিৰে পৰা ভক্তসকলে ৯ দিনৰ বাবে উপবাস থাকিব আৰু মা দুৰ্গাৰ নটা ৰূপৰ পূজা কৰিব। হিন্দু বিশ্বাস অনুসৰি, আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়।

ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিছিল। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়।

মহালয়াৰ এই পবিত্ৰ দিনটোত দেৱী মাক পূজা, আৰাধনা, স্তুতি-মিনতি কৰিবলৈ, পুৱাৰ এই পৰিবেশত দেৱী দুৰ্গাৰ শক্তিক উপলব্ধি কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুৱতি নিশাই ৰাজপথলৈ ওলাই আহিছে শ শ ভক্তপ্ৰাণ ৰাইজ। মহালয়াৰ এই পবিত্ৰ পুৱাৰ শীতল বতাহ জাক আকোৱালি লৈ দেৱী দুৰ্গাৰ শক্তিৰ সৈতে একাত্ম হোৱাৰ চেষ্টা কৰিছে।

প্ৰচলিত বিশ্বাস মতে আজিৰে পৰাই খনিকৰে বেদীত প্ৰতিষ্ঠা কৰিবলগীয়া দেৱী জুৰ্গাৰ প্ৰতিমাৰ চকু অংকন কৰিব। দোলাত আগমণ কৰা দেৱী দুৰ্গা এইবাৰ ঘোঁৰাত গমন কৰিব।

Exit mobile version