Site icon Guwahati Times

আজি আবেলি ২ বাজি ৩৫ মিনিটত ভাৰতে গঢ়িব এক নতুন ইতিহাস!

অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ দেশে…

আকৌ জোনবাইৰ দেশলৈ যাবলৈ সাজু হৈছে ভাৰত। ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান চন্দ্ৰযান-3 প্ৰেৰণ কৰা হ’ব চন্দ্ৰলৈ (Chandrayaan-3)। এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো (ISRO)। ১৪ জুলাইত অৰ্থাৎ আজি আবেলি ২ বাজি ৩৫ মিনিটত চন্দ্ৰযান-3 (Chandrayaan-3) উৎক্ষেপণ কৰা হ’ব। চন্দ্ৰযান-3য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব আৰু ৰোভাৰে চন্দ্ৰত বিচৰণ কৰি নানা পৰীক্ষা নিৰীক্ষা কৰিব। চন্দ্ৰযান-3য়ে চন্দ্ৰপৃষ্ঠৰ ফটো প্ৰেৰণ কৰিব ইছৰোলৈ। এই অভিযানৰ মূল লক্ষ হৈছে চন্দ্ৰপৃষ্ঠত মহাকাশ যানৰ সফল অৱতৰণ আৰু বিচৰণত ভাৰতৰ সক্ষমতা প্ৰমাণ কৰা।

জানো আহক ভাৰতৰ মহাকাশ অভিযানৰ গৌৰৱময় চন্দ্ৰাযান-৩ ৰ বিষয়ে –

১৪ জুলাইৰ আবেলি ২.৩৫ বজাত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ’ব। চন্দ্ৰযান-৩ হৈছে চন্দ্ৰযান-২ৰ ফ’ল’-অন মিছন। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ’ভাৰৰ নাম চন্দ্ৰযান-২ৰ লেণ্ডাৰ আৰু ৰ’ভাৰৰ নামেৰেই ৰখাৰ সিদ্ধান্ত কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে।অৰ্থাৎ, চন্দ্ৰযান-৩ লেণ্ডাৰখনৰ নাম ‘বিক্ৰম’ আৰু ৰ’ভাৰখনৰ নাম হ’ব ‘প্ৰজ্ঞান’। চন্দ্ৰপৃষ্ঠত নিৰাপদ অৱতৰণ আৰু বিচৰণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য প্ৰমাণেই চন্দ্ৰযান-৩ৰ মূল লক্ষ্য। ইয়াৰ লেণ্ডাৰ আৰু ৰ’ভাৰ কনফিগাৰেচন আছে। চন্দ্ৰযান-৩ত অৰ্বিটাৰ নাই। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩। লঞ্চ ভেহিকেল GSLV Mark 3ৰে উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ৰ বাজেট হৈছে ৬১৫ কোটি।

১০০ কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈকে লেণ্ডাৰ আৰু ৰ’ভাৰ কঢ়িয়াই নিব। চন্দ্ৰযান-৩ৰ আন এক বৈশিষ্ট হৈছে লেণ্ডাৰ, ৰ’ভাৰ আৰু প্ৰপালচন মডিউলত পৰীক্ষা সম্পন্ন কৰাৰ বাবে পেলোড থাকিব। লেণ্ডাৰখনৰ চাৰিটা পেলোড আছে —ৰম্ভা, চাষ্টে, ইলছা আৰু LRA. RAMBHA হৈছে ৰেডিঅ’ এনাটমী অৱ মুন বাউণ্ড হাইপাৰচেন্সিটিভ আয়ন’স্ফিয়াৰ এণ্ড এটম’স্ফিয়াৰ। ChaSTE হৈছে চন্দ্ৰৰ পৃষ্ঠ তাপ ভৌতিক পৰীক্ষা। ILSA চন্দ্ৰ ভূমিকম্পীয় কাৰ্যকলাপৰ বাবে যন্ত্ৰ আৰু LRA হৈছে লেজাৰ ৰেট্ৰ’ৰিফ্লেক্টৰ এৰে।

Exit mobile version