Site icon Guwahati Times

নগাঁৱৰ চামগুৰিৰ শিঙিয়াত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ গ্ৰন্থ “ৰোমন্থন “ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,২২অক্টোবৰ :- নগাঁও জিলাৰ চামগুৰিৰ শিঙিয়া কেকুৰাচুক গাৱঁৰ নিবাসী তথা বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ বাসভৱনত কালি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ “ৰোমন্থন “ নামৰ এখন গ্ৰন্থ উন্মোচন কৰে কবি-সাহিত্যিক- সাংবাদিক প্ৰমোদ কুমাৰ শৰ্মাই ৷ ভাষণ প্ৰসংগত শৰ্মাই কয় যে সাহিত্যই কিছুমান সমস্যা সমাধান কৰিব নোৱাৰিলেও গ্ৰন্থ অধ্যয়নে এটা সুস্থ মানসিকতা গঠন কৰিব পাৰে ৷ লগতে এটা সুন্দৰ পৰিবেশ সৃষ্টি কৰিব পাৰে ৷ গ্ৰন্থ অধ্যয়ন কৰা লোকসকল কেতিয়াও বিপদগামী নহয় বুলি উল্লেখ কৰে। বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাই আদৰণী ভাষণ প্ৰদান কৰা উন্মোচনী সভাখনত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উপ সভাপতি দ্বিজেন্দ্ৰ মোহন শইকীয়া আৰু কবি নৱজ্যোতি মুদৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লেখক বৰাৰ সৃষ্টিৰাজিৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ উক্ত সভাখনত “ৰোমন্থন“ নামৰ গ্ৰন্থখনৰ বিভিন্ন দিশৰ সম্পৰ্কত শিল্পী ৰাজেন বৰাই বহলাই ভাষণ প্ৰদান কৰে। শিল্পী বিপুল কুমাৰ বৰাই আঁত ধৰা আৰু জয়শ্ৰী মুদৈয়ে কবিতা পাঠ কৰা গ্ৰন্থ উন্মোচনী সভাখনত লেখিকা পোনা বৰা,সমাজসেৱক ধন বৰা,জয়শ্ৰী গায়ন বৰা,উপকুল বৰা,সৌৰভ কলিতা,শিল্পী শিখা বৰা,ৰঞ্জিত শইকীয়া,হৰকান্ত গায়ন,বিনু বৰা,দেৱকান্ত শইকীয়া,জিতু বৰা,অকণ বৰাকে ধৰি স্থানীয় বহু কেইজন গণ্যমান্য লোক উপস্থিত থাকে ৷ বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত জয়শ্ৰী গায়ন বৰাই গীত পৰিবেশন কৰাৰ লগতে শিল্পী বিপুল কুমাৰ বৰাই সাহিত্যৰ বিভিন্ন দিশৰ আধাৰত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাই বৰ্তমানলৈকে “প্ৰেম ওপিয়াম “,”প্ৰেম মানে জ্বালা”,”দৃষ্টি আঁৰত মন মোহিনী“,”জোৰণৰ গাড়ী“,”নিশাৰ বাতৰি“,”দৃষ্টিত কিছু প্ৰিয় খবৰ“,”সময়ৰ খোজত অনেক মানুহ“,”মহামানৱৰ প্ৰাণৰ কথা আৰু ৰোমন্থন“ নামৰ গ্ৰন্থ কেইখন সৃষ্টি আৰু প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিবলৈ সক্ষম হৈছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version