Site icon Guwahati Times

এজোপাও গছ কটা নহয়ঃ উৰণ সেতুৰ নিৰ্মাণৰ দিশ সলনি কৰাৰ কথা আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰীৰ…

মঙলবাৰে নিশা গুৱাহাটী ক্লাৱত উপস্থিত হৈ নিৰ্মীয়মান উৰণ সেতুৰ কামৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মান উৰণ সেতুৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘লোক নিৰ্মাণ বিভাগে পূৰ্বৰ পৰাই গছ কটাৰ সিদ্ধান্ত লোৱা নাছিল।

গছ উঠাই নি আন এটা ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা ওলাইছে। দীঘলীপুখুৰীৰ গছ কটাও নহয়, স্থানান্তিৰত কৰাও নহয়। উচ্চ ন্যায়ালয়কো চৰকাৰে এই বিষয়ে স্পষ্টভাৱে জনাইছে চৰকাৰে। এটা নিৰ্দিষ্ট চক্রই বিষয়টোক লৈ অযথা বিতৰ্ক সৃষ্টি কৰি আছিল।

দলঙৰ নিৰ্মাণৰ দিশ সলনি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি তেওঁ কয়- ‘গুৱাহাটী ক্লাবত থকা ৰসৰাজৰ প্রতিমূৰ্তি পূৰ্বৰ ঠাইতে থাকিব। ‘ৰবীন্দ্র ভৱনৰ সমীপত উৰণ সেতুখনৰ এটা বাহু সমাপ্ত হ’ব’।‘আনটো বাহু সমাপ্ত হ’ব লেম্ব ৰোডত।

বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- একাংশ লোকে গছক ভাল পাই প্রতিবাদ কৰিবলৈ গৈছে। আন একাংশই উৰণ সেতুৰ কাম আধাতে বন্ধ হোৱাটো বিচাৰি আন্দোলন কৰিছে।

Exit mobile version