Site icon Guwahati Times

মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত…

মহা কুম্ভমেলালৈ গৈ আছিল পৰিয়ালটো, ৰাজপথত ৰৈ আছিল কাল অমানিশা! দুই শিশু সন্তানৰ সন্মুখতে কৰুণ মৃত্যু পিতৃ-মাতৃৰ

প্ৰয়াগৰাজত চলি থকা মহা কুম্ভমেলাত পুণ্যস্নান কৰিবলৈ গৈ আছিল পৰিয়ালটো। কিন্তু তেওঁলোকৰ বাবে ৰাজপথত ৰৈ আছিল কাল অমানিশা! পুণ্যস্নানৰ বহুদিনীয়া সপোন পূৰণ নহ’ল! মৃত্যুক সাবটি ল’লে দম্পতীয়ে। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল পতি-পত্নীৰ। চকুৰ সমুখতে পিতৃ-মাতৃৰ মৃত্যু দেখি নিৰ্বাক-নিস্তব্ধ হৈ পৰে তেওঁলোকৰ দুই শিশু সন্তান।

ঘটনাটো আছিল এনেধৰণৰ…। মহাকুম্ভত পুণ্যস্থান কৰিবলৈ কালি পুৱাই এটা দম্পতী জয়গাঁৱৰ পৰা প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছিল। তেনেতে তেওঁলোকে গৈ থকা বাহনখনৰ সৈতে সংঘৰ্ষ হয় এখন ট্ৰাকৰ। ট্ৰাকখনৰ প্ৰচণ্ড খুন্দাত তেওঁলোকৰ বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত তেওঁলোকৰ দুই শিশু সন্তান চকুৰ সন্মুখতে পিতৃ-মাতৃৰ মৃত্যুৰ সাক্ষী হৈ পৰে। এই ঘটনাৰ পাছত শোকৰ ছাঁই জয়গাঁৱক আৱৰি ধৰিছে।

জয়গাঁও চহৰৰ দেওকোটা টোল অঞ্চলৰ বাসিন্দা কিষাণ গোপাল পণ্ডিত তেওঁৰ পুত্ৰ লোকেশ পণ্ডিত আৰু বোৱাৰী নেহা পণ্ডিতে কালি পুৱাই জয়গাঁৱৰ পৰা প্ৰয়াগৰাজলৈ ৰাওনা হৈছিল। তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান দুটিও আছিল। লোকেশ পণ্ডিতে চলাই গৈছিল গাড়ীখন। গাড়ীৰ সন্মুখত নেহা আৰু লোকেশ পণ্ডিত বহি আছিল। দুৰ্ঘটনাস্থলীতে মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তেওঁলোকৰ সন্তান দুটা সুস্থ বুলি জানিব পৰা গৈছে।

Exit mobile version