Site icon Guwahati Times

মহাদেৱৰ আৰাধনাৰ বাবে বলবম যাত্ৰা আৰম্ভ গুৱাহাটী সাহানী কাৱৰিয়া এনজিঅ’ৰ

১০৫ কিঃমিঃ পদব্ৰজে গৈ বাবা বৈদ্যনাথ ধামলৈ যাত্ৰা দলটোৰ

গুৱাহাটী, ১০ জুলাইঃ গুৱাহাটী সাহনী কাৱৰীয়া এনজিঅ’ৰ প্ৰথমটো দলে কামাখ্যা ৰে’লৱে জংচনৰ পৰা আজি ব’ল বম উপলক্ষে যাত্ৰা আৰম্ভ কৰে। এনজিঅ’টিৰ সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰে ৬৪জনীয়া ভক্তৰ দলটোৱে। আজি আৰম্ভ কৰা যাত্ৰাৰ অন্তত শুক্ৰবাৰে পুৱা ১১ বজাত তেওঁলোকে গৈ চুলতানগঞ্জত উপস্থিত হৈ পবিত্ৰ উত্তৰ বাহিনী গংগাত স্নান কৰি তাৰ পৰা প্ৰায় ১০৫ কিঃমিঃ পদব্ৰজে গৈ বাবা বৈদ্যনাথ ধামত উপস্থিত হ’ব। অহা ১৪ জুলাইত অৰ্থাৎ শাওন মাহৰ প্ৰথমটো সোমবাৰে বাবা বৈদ্যনাথ আৰু বাসুকিনাথ মন্দিৰত জলাভিষেক আৰু পূজা কৰাৰ লগতে মঙলবাৰে মা তাৰা পীঠ মন্দিৰত দৰ্শন আৰু পূজা কৰি যাত্ৰা সম্পূৰ্ণ কৰা হ’ব বুলি সম্পাদক ৰাজু সাহানীয়ে জানিবলৈ দিয়ে। লগতে তেখেতে কয় যে তেওঁৰ লগতে এই ব’ল বম যাত্ৰাত সংগ দিয়ে বালা সাহানী, লালন ৰায়, ৰঞ্জিত সৰকাৰ, দিলীপ সাহানী, বিকাশ কুমাৰ, বিভা দেৱী, আশা দেৱী, গৌৰৱ কুমাৰ, সৌৰভ কুমাৰ, সুনীল সাহ, ধৰ্মেন্দ্ৰ সাহানী, সঞ্জয় সাহানী, বামকিন সৰকাৰ, নৰেশ সাহানী, ললি সাহনী, ৰামপ্ৰীত সাহানী, ৰাজকুমাৰ সাহানী, সন্তোষ চৌৰসিয়া, ৰাধেশ্যাম তিৱাৰী, সঞ্জয় জয়ছোৱাল, সঞ্জয় সাহানী, মাণিক সৰকাৰ, কানহাই সাহা সহ ৬৪ জনীয়া দলটো।

Exit mobile version