গোলাঘাট, ৬ ডিচেম্বৰ: পালকীয়া ফাউণ্ডেচন আৰু টিম জিবনৰ যৌথ প্ৰচেষ্টাৰে হোৱা এক সমীক্ষাত গোলাঘাটৰ ৰাজনখাটৰ আৰু বোকাখাতৰ ভকতচাপৰিৰ মুঠ ১০০টা পৰিয়ালৰ পৰা সংগৃহীত তথ্যই দেখুৱাইছে যে জলবায়ু পৰিৱর্তনৰ ফলত এই অঞ্চলবোৰত বছৰি গড়ে ২০,০০০–৪০,০০০ টকা পৰ্যন্ত অৰ্থনৈতিক ক্ষতি হৈছে। অনিয়মিত বানপানী , দীর্ঘ দিন ধৰি যোৱা খৰাং আৰু অতিপ্ৰবল আবতৰীয়া বৰষুণ আৰু হাতীৰ আক্রমণে অঞ্চল দুটিৰ কৃষি, মাছধৰা আৰু পশুপালন একেদৰে বিপৰ্যস্ত হৈছে।
ভকতচাপৰীৰ মিছিং পৰিয়ালসমূহৰ ব্যাপক ৰূপে ধান, মাটি মাহ আৰু ৰবি শস্যৰ ক্ষতি হৈছে । উজাই অহা পানী আকস্মিকভাৱে মুক্ত হোৱাৰ ফলত, ব্যাপক ৰূপে খেতি পথাৰৰ ক্ষতি হৈছে। এই আকস্মিক বানে আগতীয়াকৈ পেলোৱা পলসৰ মাটি ধুই লৈ যায় আৰু ঘৰ-বসতি, পোহনীয়া জীৱৰ তীব্ৰ ক্ষতি সাধন কৰে। বানপানীৰ পিছতেই খেতি চপোৱাৰ সময়ত হাতীৰ আক্রমণো তীব্ৰ ৰূপ বৃদ্ধি পাইছে। বিশেষকৈ গৱেষণাৰ বাবে যোৱা সঁজাতি দলে চাক্ষুক ভাৱে হাতীৰ অৱস্থিতি ব্ৰহ্মপুত্ৰৰ পাৰত দেখিছে । যি এই অঞ্চলৰ হাতীৰ স্বাভাৱিক অৱস্থিতি আৰু সচৰাচৰ চলনতকৈ ভিন্ন। এই সকলো ঘটনাৱলীৰ বাবে বহু স্থানীয় যুৱক বাধ্য হৈ মহানগৰত কামৰ সন্ধানলৈ গৈছে।
একেই প্ৰেক্ষাপটত গোলাঘাটৰ ৰাজনখাটৰ কৈৱৰ্ত্ত সমাজৰ মাছ আৰু ধান-নির্ভৰ জীৱিকা কঠিন হৈ পৰিছে । পানীৰ স্তৰ হ্ৰাস, খৰাং আৰু অনিয়মিত আবতৰীয়া বৰষুণে মাছৰ প্ৰজনন বিঘ্নিত কৰিছে। মহিলাসকলে জাল, জল নিয়ন্ত্ৰণ আৰু মাছ প্ৰস্তুতীকৰণৰ কামত মুখ্য ভূমিকা পালন কৰা সত্বেও বৰ্তমান দিনত ইয়াৰ ব্যৱস্থাপনা কঠিন হৈ পৰিছে।
পালকীয়া ফাউণ্ডেচনৰ নিৰ্দেশক মহিমা ভাঞ্চালৰ ব্যক্তব্য অনুসৰি “ভাকতচাপৰি আৰু ৰাজনখাটৰ এই সৰু গৱেষণাই দেখুৱাইছে যে উন্নয়নক স্থানীয় পৰম্পৰা আৰু পৰিৱেশৰ লগত মিলাই সমাপন নকৰিলে এই নদীয়াল অঞ্চলসমূহ আৰু বেছি বিপন্ন হৈ পৰিব। স্থানীয় সম্পদৰ সুৰক্ষা, জীৱিকা অভিযোজন, আৰু সমাজৰ ক্ষমতাৰ প্ৰসাৰ কৰা একেবাৰে অত্যাৱশ্যক। আমাৰ চৰকাৰী সংস্থা, স্থানীয় সংগঠন আৰু সমাজৰ সৈতে মিলি আমি একলগ হৈ আমাৰ জীৱন আৰু জীৱিকা হস্তক্ষেপৰ বাবে কাম কৰি থাকিম।”
দুইখন গাঁৱৰ এই পদ্ধতিগত গৱেষণাই আচলতে এক তীব্ৰ
প্ৰশ্নৰ উত্থাপন কৰিছে যে বানপানী আৰু হাতী মানুহৰ সংঘাত আৰু জলবায়ু পৰিৱৰ্তনে আমাৰ গাওঁ বোৰৰ তীব্ৰ ক্ষতি কৰিছে ।

