Site icon Guwahati Times

ডেন্স নৃত্যম শীৰ্ষক এক প্ৰতিযোগিতাত সৰভোগৰ পম্পী ডেন্স একাডেমিৰ সফলতাঃ

২১ ডিচেম্বৰ তাৰিখে বৰপেটাত ডেন্স নৃত্যম শীৰ্ষক এক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল৷এই প্ৰতিযোগিতাত বৰপেটা জিলাৰ সৰভোগৰ পম্পী ডেন্স একাডেমিৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল আৰু এগৰাকী মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷প্ৰতিযোগিতাৰ অন্তত একাডেমিখনৰ ১০ গৰাকীয়ে শ্ৰেষ্ঠ বঁটা পাবলৈ সক্ষম হোৱাৰ লগতে Next Star Of Assam Reality Show ৰ Mega Round লৈ পোণপটীয়াকৈ নিৰ্বাচিত হৈছে৷আনফালে মডেলিংত ক্ষেত্ৰতো বিজয়ী হ’বলৈ সক্ষম হয়৷নৃত্য প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে-ধৃতিস্মিতা দাস,অনুশ্ৰী দাস,ৰিয়া দাস,চায়া দাস,কল্পজিৎ দাস,বাৰভী নাথ,বৰষা ৰাণী দাস,তনয়া দাস আৰু আৰাধ্যা দাস৷এইফালে মডেলিংত প্ৰতিযোগিতাত বিজয়ী হোৱা ছাত্ৰী গৰাকীৰ নাম ৰিয়াস্মিতা দাস,ৰিয়াস্মিতা দাসে নৃত্য প্ৰতিযোগিতাতো শ্ৰেষ্ঠ বঁটাও পাবলৈ সক্ষম হৈছে৷এই পম্পী ডেন্স একাডেমিৰ প্ৰশিক্ষক তথা স্বত্বাধিকাৰী পম্পী নাথক নৃত্য গুৰুৰ বঁটা প্ৰদান কৰে৷

প্ৰেৰক: ছহিজুল আলি, সৰভোগ

Exit mobile version