পোনপ্ৰথমে তথ্য পৰীক্ষা কৰক- গৌৰৱ গগৈৰ মিছা অভিযোগক তীব্ৰ সমালোচনা মন্ত্ৰী শ্ৰীজয়ন্ত মল্লবৰুৱাৰ
গুৱাহাটী: কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (X) যোগে কৰা এক মন্তব্যক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। গৌৰৱ গগৈয়ে এখন বিদ্যালয়ত সংঘটিত হোৱা এটা ঘটনাক ভুলবশত নলবাৰী সমষ্টিৰ সৈতে সংযোগ কৰি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লক্ষ্য কৰি দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কৰি দিয়ে যে উক্ত ঘটনাটো নলবাৰীত নহয়, বৰঞ্চ টিহু সমষ্টিতহে সংঘটিত হৈছিল।
তেখেতে কয় যে, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিৰ দৰে দায়িত্বশীল পদত থকা ব্যক্তি এজনে ন্যূনতম নিৰ্বাচনী আৰু ভৌগোলিক তথ্য পৰীক্ষা নকৰাকৈ এনেধৰণৰ দাবী কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। এই কথাই তেখেতৰ যে জ্ঞানৰ যথেষ্ট অভাৱ সেয়াই আচলতে প্ৰতিফলিত কৰে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়টোত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
তেখেতে কয় যে অসম আৰক্ষীয়ে অলপো বিলম্ব নকৰাকৈ এই ঘটনাটোৰ লগত জড়িত দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰিছে আৰু আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেখেতে পুনৰ নিশ্চিত কৰে যে চৰকাৰ সমগ্ৰ অসমত শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি তথা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু নাগৰিকৰ নিৰাপত্তা বৰ্তাই ৰাখিবলৈ সদায় সংকল্পবদ্ধ।
গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমক এনে এক নেতৃত্বৰ প্ৰয়োজন যিয়ে তথ্যক সন্মান কৰে, দায়িত্বশীলভাৱে কাম কৰে আৰু সাংবিধানিক মূল্যবোধক ঊৰ্ধ্বত ৰাখে। ভুল তথ্যৰ আধাৰত সিদ্ধান্ত লোৱা আৰু ছ’চিয়েল মিডিয়াত বিচাৰ (social media trials) চলোৱা নেতাৰ পৰিৱৰ্তে অসমক দায়িত্বশীল জনপ্ৰতিনিধিৰ প্ৰয়োজন।
(প্ৰেছ বিজ্ঞপ্তি)

