Site icon Guwahati Times

জয়ন্ত মল্ল বৰুৱা দিছপুৰত থাকিলেও পাহৰি যোৱা নাই শিপা

আজি অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত যি কাম হৈছে, তেওঁৰ পূৰ্বে বহুতো লোকে কৰিব নোৱাৰিলে বা কৰিব বিচৰা নাছিল।

 

মন্ত্ৰীগৰাকীয়ে নলবাৰী আৰু নামনি অসমৰ এজন মহান নেতা প্ৰয়াত নগেন শৰ্মাৰ স্মৃতিত সন্মান জনাই তেখেতে সেৱা আগবঢ়োৱা আৰু ভাল পোৱা নলবাৰী চহৰখনত এক স্থায়ী স্মৃতি স্থান নিৰ্মাণৰ ব্যৱস্থা কৰে।

 

নগেন শৰ্মা কেৱল এগৰাকী ৰাজনীতিবিদেই নাছিল। তেখেত নলবাৰীৰ পৰা তিনি বাৰৰ বিধায়ক, লোক নিৰ্মাণ তথা বন বিভাগৰ মন্ত্ৰী আৰু অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক আছিল। তেখেতক ২০০০ চনৰ ২৭ ফেব্ৰুৱাৰীত আলফাই নৃশংসভাৱে হত্যা কৰিছিল। ২৫ বছৰ ধৰি চৰকাৰ আহিল আৰু গ’ল, কিন্তু নলবাৰীত এইজন মহান নেতাৰ কোনো প্ৰতিমূৰ্তি এতিয়ালৈ হৈ নুঠিল, এই নেতাজনৰ প্ৰতি কোনো ধৰণৰ সন্মান জনোৱাও দেখা পোৱা নগৈছিল।

 

সেই নীৰৱতাৰ যেন আজি অন্ত পৰিল। আন্তৰিকতা, শ্ৰদ্ধা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ সৈতে জয়ন্ত মল্ল বৰুৱাই এই কাম সম্ভৱ কৰি তুলিলে।

 

জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে বহু লোকে বহু কথা কয়, কিন্তু এটা কথা সদায়ে স্বীকাৰ কৰিব লাগিব যে তেওঁ সঁচাকৈয়ে এজন কৰ্ম্মদক্ষ ব্যক্তি।

 

তেওঁ আজি দিছপুৰত থাকিব পাৰে, কিন্তু তেওঁৰ মন, আত্মা সদায়ে নলবাৰীত নলবাৰীৰ লোকসকলৰ সৈতে আছে।

 

প্ৰয়াত নগেন শৰ্মা দেৱলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সন্মানৰ জৰিয়তে এটা কথা প্ৰমাণ কৰে যে নেতৃত্ব কেৱল পদবীৰ বাবে নহয়,বৰঞ্চ যিসকলে আমাক পথ প্ৰদৰ্শণ কৰে সেইসকলক স্মৰণ কৰাৰ বাবেও। ৰাজনীতিৰ উৰ্ধত গৈ মন্ত্ৰীগৰাকীৰ এই কাম ভৱিষ্যতৰ দিনতো সকলোৱে মনত ৰাখিব।

Exit mobile version