Site icon Guwahati Times

‘অখিল গগৈ ৰজা,মুখ্যমন্ত্ৰী প্ৰজা আমি সকলো লগুৱা’: মন্ত্ৰী পীয়ুষ হাজৰিকা’

গৌৰৱ গগৈৰ তিনি সদস্যই বিদেশী যেতিয়া অন্য দেশৰ প্ৰতি অনুকম্পা থাকিবই’: মন্ত্ৰী হাজৰি

কাজামুগুৰিহাটত অখিল আৰু গৌৰৱ গগৈক লৈ মন্ত্ৰী হাজৰিকাৰ তীব্ৰ মন্তব্য

‘অখিল গগৈ ৰজা, তেওঁ এবাৰ নিৰ্বাচন খেলিছে আৰু জিকিছে। মই তিনিবাৰ জিকিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাঁচবাৰ জিকিছে। গতিকে আমি প্ৰজা। ভৱিষ্যতে ৰাইজে প্ৰজাক বিচাৰে নে ৰজাক বিচাৰে, সেই সিদ্ধান্ত ৰাইজেই ল’ব। এই মন্তব্য কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াৰ। অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি পৰিদৰ্শন কৰে ৰাজ্যৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই। সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আদৰণি সমিতিৰে আলোচনাত মিলিত হোৱাৰ লগতে অধিৱেশনৰ সকলো কাৰ্যসুচী সফল ৰূপায়নৰ আশ্বাস প্ৰদান কৰে ৷ মন্ত্ৰী গৰাকীয়ে অধিৱেশন স্থলীত উপস্থিত হ’ব লগা লক্ষ্য লক্ষ্য ভকতক যাতে একো ক্ৰটি নৰখাকৈ আতিথ্যত আগবঢ়াব পাৰি তাৰ ওপৰত বিষদ আলোচনা আগবঢ়ায় ৷ ইপিনে অধিৱেশন স্থলী পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰাক্তন সাংসদ পল্লৱলোচন দাস,বিধায়ক পদ্ম হাজৰিকাই ৷

পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ আগত অখিল গগৈৰ লগতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্ধৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰী পীয়ুষ হাজৰিকাই। অখিল গগৈৰ সন্দৰ্ভত তেওঁ কয় – ‘অখিল গগৈ ৰজা,মুখ্যমন্ত্ৰী প্ৰজা আমি সকলো লগুৱা। তেওঁ এবাৰ নিৰ্বাচন খেলিছে আৰু জিকিছে, মই তিনিবাৰ জিকিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৫ বাৰ জিকিছে গতিকে আমি প্ৰজা। ভৱিষ্যতে ৰাইজে প্ৰজাক বিচাৰে নে ৰজাক বিচাৰে ৰাইজে সিদ্ধান্ত ল’ব।’ আনহাতে, গৌৱৰ গগৈৰপাকিস্তান লিংক সন্দৰ্ভতো কঠোৰ মন্তব্য আগবঢ়ায় মন্ত্ৰী হাজৰিকাই। তেওঁ কয় – ‘গৌৰৱ গগৈৰ তিনি সদস্যই বিদেশী যেতিয়া অন্য দেশৰ প্ৰতি অনুকম্পা থাকিবই। গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ তিনি গৰাকী সদস্য ভাৰতীয় নাগৰিক নহয়। গতিকে তেওঁলোকৰ পাকিস্তানৰ প্ৰতি মৰম আৰু অনুকম্পা আছে।

Exit mobile version