অসম সেৱা সমিতিৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন
সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ গোপীনাথ নগৰত অৱস্থিত অসম সেৱা সমিতিৰ কাৰ্যালয়তো ৭৭তম গণৰাজ্য দিৱস পৰম উৎসাহ আৰু দেশপ্ৰেমৰ মনোভাৱেৰে উদযাপন কৰা হয়। এই উপলক্ষে সংস্থাটোৰ সভানেত্ৰী ড° হেমপ্ৰভা শইকীয়াই জাতীয় পতাকা উৰুৱায়। পতাকা উৰুৱাৰ পিছত সভানেত্ৰীগৰাকীয়ে উপস্থিত সদস্যসকলক উদ্দেশ্য়ি গণৰাজ্য দিৱসৰ তাৎপৰ্য, সংবিধানৰ মূল্যবোধ আৰু সামাজিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত অসম সেৱা সমিতিৰ সমূহ সদস্যৰ লগতে দেৱব্ৰত শইকীয়া, সাধাৰণ সম্পাদক বিভূতি দত্তও উপস্থিত আছিল।
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অসম সেৱা সমিতিয়ে সমাজমুখী কাৰ্যসূচীৰো আয়োজন কৰে। সংস্থাটোৰ সদস্যসকলে গুৱাহাটী ৰেলৱে ষ্টেচন, নুনমাটি, গণেশগুৰি আদিকে ধৰি বিভিন্ন অঞ্চলত দৰিদ্ৰ আৰু অসহায় লোকসকলৰ মাজত কাপোৰ আৰু লঘু আহাৰ বিতৰণ কৰে। লগতে “আমাৰ প্ৰয়াস গোষ্ঠী” (NGO) ৰ জৰিয়তে শিশুসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
উল্লেখযোগ্য যে অসম সেৱা সমিতিয়ে পূৰ্বে “বস্ত্ৰ দান অভিযান” শীৰ্ষক এক বিশেষ অভিযান চলাইছিল, যিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰে। বহু দানশীল ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে বস্ত্ৰ দান কৰি এই মানৱীয় প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছিল।

