Site icon Guwahati Times

চাইবাৰ অপৰাধৰ অভিযোগত আৰক্ষীৰ জালত আমছু নেতা সহ ৩ জন

এশ গৰু মাৰিলে, বাঘৰো মৰণ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল আমছু নেতা সহ তিনি চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত। দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ ৰাইজক আভুৱা দি চাইবাৰ অপৰাধৰ জৰিয়তে লুণ্ঠন কৰি অহা তিনি যুৱকক ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আটক কৰে হাউলী আৰক্ষীয়ে ৷ ধৃত চাইবাৰ অপৰাধী তিনিটা হ’ল আমছু নেতা বুলবুল হুছেইন ,ৱাহেদ ইকবাল আৰু আশিক ইকবাল। ইয়াৰে ৱাহেদ আৰু আশিক দুয়ো সহোদৰ ভাতৃ ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন তিনি চাইবাৰ অপৰাধীক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version