থালাপতি বিজয়ৰ এই পদক্ষেপক কেইবাটাও সামাজিক আৰু ধৰ্মীয় সংগঠনে আদৰণি জনাইছিল। কাৰণ ৰাজহুৱা আৰু স্পৰ্শকাতৰ অঞ্চলত থকা এই সুৰাৰ দোকান সমূহ দীৰ্ঘদিন ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে। ইয়াৰ মাজতেই আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয়ে। নতুন সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা তামিলনাডুত ২১ বছৰৰ তলৰ ব্যক্তিসকলৰ ক্ষেত্ৰত সুৰাৰ ক্ৰয়-বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।
নতুন নিয়ম অনুসৰি তামিলনাডু চৰকাৰে তামিলনাডু ৰাজ্যিক বিপণন নিগমৰ সকলো দোকানৰ কৰ্মচাৰীক সুৰা কিনিবলৈ অহা প্ৰতিজন গ্ৰাহকৰ বয়স পৰীক্ষা কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। যদি সুৰা ক্ৰয় কৰিবলৈ অহা কোনো গ্ৰাহকৰ বয়সক লৈ সন্দেহ হয়, তেনেহলে আধাৰ কাৰ্ডকে ধৰি বৈধ পৰিচয় পত্ৰৰ পৰীক্ষা কৰিব লাগিব দোকানী তথা কৰ্মচাৰীসকলে। তামিলনাডুৰ যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা সুৰা সেৱন ৰোধৰ লক্ষ্যৰে চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আনহাতে সূত্ৰ অনুসৰি তামিলনাডু চৰকাৰে সুৰাৰ বিপণী খোলাৰ সময় হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। বৰ্তমান ৰাজ্যখনত দুপৰীয়া ১২ বজাৰ পৰা নিশা ১০ বজালৈ সুৰাৰ বিপণীসমূহ খোলা থাকে। আৰু এতিয়া সুৰাৰ বিপণীসমূহ নিশা ৮ বজাৰ ভিতৰত বন্ধ কৰাৰ চিন্তা-চৰ্চা কৰিছে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে সুৰা বিক্ৰীৰ সময় দুঘণ্টা হ্ৰাস পাব।