Site icon Guwahati Times

গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটী মহানগৰীৰ বেলতলাত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু। মৃত্যু হোৱা যুৱতীগৰাকী সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে। ওদালগুৰিৰ নতুন নলবাৰী গাঁৱত ঘৰ যুৱতীগৰাকীৰ। গুৱাহাটীৰ এটা ব্যক্তিগত প্রতিষ্ঠানত কৰ্মৰত হৈ আছিল সুস্মিতা বসুমতাৰী। বুধবাৰে পুৱা ভাড়াঘৰত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

বুধবাৰেই মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহ গতাই পৰিয়ালক। কিন্তু সুস্মিতাৰ মৃত্যুৰ পিছতে পিতৃয়ে উত্থাপন কৰে বিস্ফোৰক অভিযোগ। সুস্মিতা বসুমতাৰীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে। ইতিমধ্য যুৱতীগৰাকীৰ হত্যা কৰাৰ সন্দেহত সুস্মিতাৰ পিতৃয়ে হাতীগাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পৰিয়ালৰ দাবী, নিশা প্রেমিক আকাশ প্ৰসাদৰ লগত আছিল সুস্মিতা।

 

অভিযোগ অনুসৰি আকাশ প্ৰসাদ নামৰ যুৱকজনৰ সৈতে সম্পৰ্ক আছিল যুৱতী গৰাকীৰ। ইতিমধ্যে আকাশ প্রসাদক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে। যুৱতীগৰাকীক আকাশে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল বুলি উল্লেখ ভুক্তভোগী পৰিয়ালৰ। আকাশ প্ৰসাদৰ ঘৰ পল্টনবজাৰৰ চলাপাৰা ৰোডত।

Exit mobile version