Site icon Guwahati Times

মৰিগাঁৱত ডেংগুৰ প্ৰাদূৰ্ভাব, চিকিৎসাধীন অৱস্থাতে ডেংগুৰোগীৰ মৃত্যু

ৰাজ্যৰ ভিন্ন প্ৰান্তত ডেংগু সংহাৰ ৷ এইবাৰ মৰিগাঁও জিলাৰ গছৰগুৰি অঞ্চলৰ এগৰাকী যুৱতী ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে ৷

জানিব পৰা মতে, মৰিগাঁও চহৰৰ এটা শ্বপিং মলত কৰ্মৰত সাগৰিকা ডেকা (২৭) নামৰ এগৰাকী যুৱতী ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, সাগৰিকা ডেকা আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী । বিগত কেইবা বছৰ ধৰি তেওঁ মৰিগাঁও চহৰস্থিত এটা শ্বপিং মলত কৰ্মৰত আছিল ৷

সাগৰিকা প্ৰায় ১৫ দিনৰ পূৰ্বে কৰ্মস্থলীতে হঠাৎ অসুস্থ হৈ পৰিছিল ৷ তীব্ৰ জ্বৰ আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে তেওঁক ততাতৈয়াকৈ ঘৰলৈ লৈ যোৱা হৈছিল ৷ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাত তেওঁ ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলি তথ্য পোৱা গৈছিল ৷

চিকিৎসা কৰি আছিল যদিও ​দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । বিগত কেইবাদিনো ধৰি মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মঙলবাৰে চিকিৎসাধীন অৱস্থাতে সাগৰিকাৰ মৃত্যু হয় ৷

ইফালে বুধবাৰে ​সাগৰিকাৰ নশ্বৰ দেহ গছৰগুৰিৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

জিলাখনত ডেংগুৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পোৱাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ সচেতন নাগৰিকে পৌৰসভা আৰু স্বাস্থ্য বিভাগক চহৰখনৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আশে-পাশে আৱৰ্জনা চাফ-চিকুণ কৰা আৰু মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ উপযুক্ত ব্যৱস্থা ল’বলৈ দাবী জনাইছে ।

এই সন্দৰ্ভত মৰিগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিষয়াই কয়,”সাগৰিকা মৰিগাঁও চহৰৰ এটা শ্বপিং মলত কৰ্মত আছিল ৷ তাই কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈছিল ৷ লগে লগে গুৱাহাটীৰ ইএছআইচি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তাৰ পাছতে অধিক স্বাস্থ্যৰ অবনতি ঘটাত সাগৰিকাক জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল ৷ তাতে সাগৰিকাৰ মৃত্যু হৈছে ৷ ইয়াৰ পূৰ্বে জিলাখানত চাৰিজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছিল যদিও তেওঁ সুস্থ হৈছিল ৷ কিন্তু সাগৰিকাৰ মৃত্যু হৈছে ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷”

Exit mobile version