Site icon Guwahati Times

নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সঙ্কল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ




কেবিনেট সচিব ড০ টি ভি সোমনাথনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত নিটি আয়োগে আয়োজন কৰা ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালাৰ সামৰণি অধিৱেশনত আই গ’ট কৰ্মযোগী মঞ্চত কৰ্মযোগী সংকল্প মুকলি কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে পঁচিশ বছৰ সম্পূৰ্ণ কৰাৰ পাছত নিটি আয়োগে আয়োজন কৰা পাঁচখন ৰাষ্ট্ৰীয় কৰ্মশালা শৃংখলাৰ এইখন প্ৰথম কৰ্মশালা। ।

কৰ্মযোগী সংকল্পৰ অধীনত প্ৰতিগৰাকী অসামৰিক বিষয়াই নিজৰ নেতৃত্বৰ অনুশীলনত এক নিৰ্দিষ্ট পৰিৱৰ্তন অনাৰ বাবে একোটাকৈ সংকল্প নথিভুক্ত কৰে। এই সংকল্পত বিষয়াগৰাকীয়ে ক’ত কাম কৰিব, তেওঁ কি নেতৃত্বৰ গুণাৱলী গঢ়ি তুলিব, নাগৰিকে কি পৰিৱৰ্তন দেখিবলৈ পাব আৰু বিষয়াগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সেই বিষয়ে উল্লেখ থাকে। শুভাৰম্ভণিৰ সময়ত ভাৰত মণ্ডপমত উপস্থিত থকা অংশগ্ৰহণকাৰীসকল আৰু আই-গ’ট কৰ্মযোগী মঞ্চৰ জৰিয়তে যোগদান কৰা বিষয়াসকলে তেওঁলোকৰ সংকল্পসমূহ নথিভুক্ত কৰে। চৰকাৰী বিষয়াসকলৰ প্ৰতিশ্ৰুতিবোৰ কৰ্মযোগী ভাৰতে অনুসৰণ কৰিব আৰু মন্ত্ৰালয়, ৰাজ্য চৰকাৰ তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে এই সংকল্প আগুৱাই নিয়া হ’ব। ২০২৬ বৰ্যৰ ২৫ ডিচেম্বৰৰ ভিতৰত এই মঞ্চত ২৫,০০০ প্ৰতিশ্ৰুতি নথিভুক্ত কৰাৰ লক্ষ্যৰে এই সংকল্প আগুৱাই নিয়া হ’ব। ২৫ ডিচেম্বৰৰ দিনটো দেশত সুশাসন দিৱস হিচাপে পালন কৰা হয়।

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি. কে. মিশ্ৰৰ উদ্বোধনী মূল ভাষণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছত ২০০১ চনৰ ভূমিকম্পৰ পাছত কচ্ছৰ পুনৰ্নিৰ্মাণ, ক’ভিড-১৯ৰ প্ৰতি সঁহাৰি, লাখপতি দিদি আৰু মহাকাশ অৰ্থনীতি মুকলি কৰাৰ সন্দৰ্ভত প্ৰত্যক্ষ অভিজ্ঞতাৰ বিৱৰণ দাঙি ধৰা হয়। ‘কেছ ক্লিনিক’ত প্ৰতিটো দলে নিজৰ নিৰ্ধাৰিত খণ্ডৰ এটা সিদ্ধান্তৰ বিষয়ে পৰীক্ষা কৰে; য’ত সিদ্ধান্তটোত জনস্বাৰ্থৰ বাবে কি প্ৰয়োজন আছিল, ইয়াৰ বিৰুদ্ধে কি কি প্ৰত্যাহ্বান আছিল আৰু ৰূপায়ণৰ জৰিয়তে সিদ্ধান্তটোক কেনেকৈ ইয়াৰ মূল উদ্দেশ্যত অটল কৰি ৰখা হৈছিল সেই বিষয়ে বিবেচনা কৰা হয়।

Exit mobile version