Site icon Guwahati Times

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদী সংগঠনৰে জড়িত ২ জন সদস্য। জম্মু-কাশ্মীৰত চাক টাপৰ ক্ৰী অঞ্চলত চলা আৰক্ষীৰ এক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত ২ ধৃতক গ্ৰেপ্তাৰ কৰে। উক্ত অঞ্চলটোৰ এখন গাঁৱৰ মাজৰে আহি থকা অৱস্থাত সদস্যৰ আচৰণবিধি সন্দৰ্ভত আৰক্ষীৰ সন্দেহ ওপজে। সেয়ে আৰক্ষীয়ে লোক দুজনৰ পৰিচয় সন্দৰ্ভত জানিবৰ বাবে চেষ্টা কৰে।কিন্তু অভিযানকাৰী আৰক্ষীৰ দলটোক দেখা মাত্ৰেই ধৃত লোক দুজন পলাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ দলটোৱে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে পিষ্টল,সজীৱ গুলী,পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰে।

Exit mobile version