Site icon Guwahati Times

IIT কানপুৰে সফলতাৰে সম্পন্ন কৰিছে কৃত্ৰিম বৰষুণৰ পৰীক্ষা

Cloud seeding ৰ জড়িয়তে কৃত্ৰিম ভাবে বৰষুণ দিয়াবলৈ সক্ষম হয় কানপুৰ আই আই টি ।
কাণপুৰ আই আই টি য়ে সদৰি কৰা মতে যোৱা ২১ জুনত ক্লাউড ছিডিঙৰ বাবে এক পৰীক্ষামূলক ব্যৱস্থা হাতত লৈছিল। আই আই টি কানপুৰৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালাৰ নেতৃত্বত চলিছে প্ৰকল্পৰ কামকাজ।
ডাৱৰৰ বীজ ( Cloud seeding) সিঁচি বৰষুণৰ সম্ভাৱনা বৃদ্ধিৰ লক্ষৰে সম্পন্ন হৈছে এই পৰীক্ষা । আয়’ডাইড, বৰফ, নিমখৰ লগতে আন কেইবাবিধো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় এই পৰীক্ষাত ।
অধ্যাপক মণিন্দ্ৰ আগৰৱালাই কয় যে, ক্লাউড ছিদিঙৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। পৰৱৰ্তী পৰ্যায়ত আমি ক্লাউড ছিডিং কৰিবৰ বাবে সাজু হৈছো।
উল্লেখযোগ্য যে আই আই টি কানপুৰে DGCA ৰ অনুমোদন লাভ কৰাৰ পাছত বিমানৰ জড়িয়তে ৫ হাজাৰ ফুট উচ্চতালৈ গৈ সম্পন্ন কৰে এই পৰীক্ষা।
Exit mobile version