মণিপুৰবাসীৰ সমস্যা আৰু কেতিয়ালৈকে থাকিব ? মণিপুৰত আছে ২৩ লাখ জনতা।১৯৯৩ চনত নগা-কুকিৰ মাজত সংঘাত হৈছিল, মৃত্যু হৈছিল ৭৫০ গৰাকী লোকৰ।৩৫০ খন গাঁৱত হৈছিল হিংসা।মেইতে আৰু পাংগল লোকৰ মাজত হৈছিল সংঘাত।মৃত্যু হৈছিল ১০০ গৰাকী লোকৰ।১৯৯৭-৯৮ চনতো সংঘটিত হৈছিল ভয়ানক ঘটনা।৩৫২ গৰাকী লোকৰ মৃত্যু হৈছিল সংঘৰ্ষত, ১৩ হাজাৰ পৰিয়াল হৈছিল গৃহহীন।৪৫০০ বিপনী জ্বলি ছাঁই হৈছিল।কুকি-তামিল লোকৰ মাজত হৈছিল ভয়াৱহ সংঘৰ্ষ, মৃত্যু হৈছিল ৯ গৰাকী লোকৰ।১৯৯৩ চনত প্ৰধানমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া নিদিয়াৰ বাবে বিৰোধী বিজেপিয়ে প্ৰতিবাদ কৰিছিল।প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ উত্তৰ বিচাৰিছিল বিৰোধীয়ে।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে সেই সময়ত সামাজিক মাধ্যমৰ দিশটো উন্নত নোহোৱাৰ বাবেই এই ঘটনা সমূহ পোহৰলৈ অহা নাছিল।
মণিপুৰবাসী বাৰে বাৰে বঞ্চিত হয় কিয় ?

