অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদলৈ’-ৰ ১৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ দেওবাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ২০১১ চনৰ ২০ জুনৰ দিনটোত ফেচবুকত জন্ম লাভ কৰা স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’য়ে কালক্ৰমত ফেচবুকৰ গোটৰ পৰা পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠনৰূপে আত্মপ্ৰকাশ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২২ জুন, দেওবাৰে দুপৰীয়া ২.৩০ বজাত মহানগৰীৰ লালমাটিস্থিত ‘হেল্পিং হেণ্ড অ’লড এজ হম’ৰ আবাসীসকলৰ লগত কিছু সময় কটোৱাৰ উদ্দেশ্যে কথা-কবিতা-গল্পৰ আড্ডাৰে এটি মনোজ্ঞ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অতনু ভট্টাচাৰ্য আৰু মিতালি দে’ৰ গল্প কথন আৰু সংগীতৰ অপূৰ্ব যুগলবন্দী “গল্পকথা”৷ স্পন্দনৰ সভানেত্ৰী ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত স্পন্দনৰ কেবাগৰাকী সদস্যই গীত পৰিৱেশন কৰাৰ লগতে স্বৰচিত কবিতা পাঠ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে স্পন্দনৰ শুভাকাংক্ষী কবি বিপুল কুমাৰ দত্তৰ লগতে জ্ঞাত-অজ্ঞাত বিভিন্ন সুহৃদ কবি-সাহিত্যিকক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। শেহতীয়া পেহেলগামৰ বৰ্বৰ ঘটনাক গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাত নিহত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় আৰক্ষী সেৱা বিষয়া প্ৰণৱ জ্যোতি গোস্বামী৷ গোস্বামীয়ে অনুষ্ঠানত উপস্থিত থাকি মনোজ্ঞ ভাষণ দাঙি ধৰাৰ লগতে স্পন্দনৰ প্ৰচেষ্টাৰ শলাগ লয়৷ এই অনুষ্ঠানতে বিশিষ্ট শিশু সাহিত্যিক, ২০২৫ বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে উক্ত অনুষ্ঠানতে স্পন্দনৰ এগৰাকী সক্ৰিয় সদস্য নিবেদিতা হাজৰিকাই হেল্পিং হেণ্ডছ অল্ড এজ হ’মৰ আবাসীসকলক দুপৰীয়াৰ আহাৰ আগবঢ়ায়। আন কেবাগৰাকী স্পন্দনৰ সদস্যই আবাসীসকলক বিভিন্ন খোৱা বস্তুৰ লগতে সামগ্ৰী যোগান ধৰে। অনুষ্ঠানত বৃক্ষ ৰোপণৰ লগতে বিশেষভাৱে সক্ষম এগৰাকী কৃতী শিক্ষাৰ্থী তামান্না মহন্তক স্পন্দনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷
মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ স্পন্দনৰ বিশেষ অনুষ্ঠান সম্পন্ন

