Site icon Guwahati Times

গোলাঘাট ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ হত্যাকাৰী নাজিবুৰ ৰহমানৰ মাতৃ চালেহা বেগমক চাকৰিৰ পৰা বৰ্খাস্ত

চালেহা বেগম গোলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। পুত্ৰৰ কুকৰ্মৰ বাবেই মাতৃয়ে চাকৰি হেৰুৱাব লগা হৈছে।
গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী আৰু শাহু–শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ আত্মসমৰ্পণ থানাত কৰিছিল। ইয়াৰ পিছতেই এই ঘটনাৰে জড়িত বিভিন্ন দিশ পোহৰলৈ আহিবলৈ ধৰিছে। বৰ্তমান আৰক্ষীয়ে তদন্ত অ‍ব্যাহত ৰাখিছে।
উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে নাজিবুৰৰ ককায়েক হিজবুল ৰহমান বৰাকো গ্ৰেপ্তাৰ কৰিছিল। হত্যাকাৰী নাজিবুৰৰ মাতৃকো গোলাঘাটৰ পৰা আটক কৰিছিল আৰক্ষীয়ে।
নাজিবুৰে প্ৰায়ে নিজ ককায়েক আৰু বৌৱেককে অত্যাচাৰ চলাইছিল বুলি বৌৱেকে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। বৌৱেকে কয় যে, নাজিবুৰৰ অত্যাচাৰত তেওঁলোকে ঘৰ এৰি ভাড়াঘৰত থাকিব লগা হৈছিল। নাজিবুৰৰ ফাঁচীৰ দাবী তুলিছে বৌৱেকেও।

Exit mobile version