Site icon Guwahati Times

নিবাৰ্চনী আয়োগৰ খচৰা তালিকাত বিহালী সমষ্টি অনুসূচিত জাতিৰ সংৰক্ষণ কৰাক লৈ বিভিন্ন সংগঠন ৰ প্ৰতিক্ৰিয়া

বিহালী,২৪ জুন -বিহালীত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিতক লৈ বিভিন্ন দ’ল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম চাহজনজাতি ছাত্ৰ সন্থা ,  আদিবাসী ছাত্ৰ সন্থা, গোৰখা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে উক্ত খচৰা ৰ প্ৰতিবাদ কৰি অহাৰ বিপৰীতে   বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে।
আজি  বিহালী আৰু বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে এক সংবাদ মেল অনুষ্ঠিত কৰি  নিৰ্বাচনী আয়োগক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লোকে বক্তব্য প্ৰকাশ কৰি কয়যে, আয়োগে উলিওৱা খচৰা খনৰ বিৰুদ্ধে মাত মতা ‌‌সংগঠন সমূহে নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্ত ৰ বিৰুদ্ধাচৰণ কৰাতো অতি দুখ জনক বিষয়। এই ক্ষেত্ৰত সকলো সংগঠনে আয়োগক ধন্যবাদ জ্ঞাপন কৰা উচিত বুলি  সংবাদ মেল যোগে আহ্বান জনাইছে
এই সংবাদ মেলত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বি শ্বনাথ জিলা সাধাৰণ সম্পাদক বিপুল হিৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মিলন দাস,জিলা সহকাৰী সম্পাদক বিশ্ব দাস,জিলা উপ সভাপতি অনিল দাস, জিলা সাংগঠনিক সম্পাদক নয়ন দাস, জিলা প্ৰচাৰ সম্পাদক প্ৰজ্ঞান দাস কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰেণ দাসকে ধৰি কেইবাগৰাকী ছাত্ৰ নেতাই  অংশ গ্ৰহন কৰে।

 

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Exit mobile version