Site icon Guwahati Times

সোমবাৰৰ পৰা ভুৱা ডিগ্ৰীধাৰী শিক্ষকৰ বিৰুদ্ধে আৰম্ভ হ’ব অভিযান

এই অভিযানত যিসকল শিক্ষকৰ ডিগ্ৰী ভুৱা প্ৰমাণিত হয় তেওঁলোকে চাকৰি হেৰুওৱাৰ উপৰিও জে’ল যাত্ৰাও কৰিব লাগবি। ইতিমধ্যে শিক্ষাবিভাগে ডিগ্ৰীৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰি নিজাববীয়াকৈ প্ৰস্তুত কৰিছে তালিকা।
এই তালিকাৰ ভিত্তিতে জিলাই জিলাই সোমবাৰৰ পৰা আৰম্ভ হ’ব অভিযান।উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা বি এড আৰু ডি এল এড ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল।
এই নিৰ্দেশনা অনুসৰিয়েই ৬ আগষ্টৰ ভিতৰত শিক্ষকৰ বি এড আৰু ডি এল এড ডিগ্ৰীৰ সবিশেষ বিদ্যালয়ৰ মুৰব্বীয়ে জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত দাখিল কৰিব লাগিব। এই বি এড ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰ আৰু নম্বৰ তালিকাসমূহ বিভাগীয়ভাৱে তন্ন তন্নকৈ পৰীক্ষা কৰিব ৰাজ্যৰ শিক্ষা বিভাগে ৷
তাৰ পাছতে যিসকলৰ ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হয় তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। উল্লেখ্য যে, পশ্চিমবংগকে ধৰি বহিঃৰাজ্যৰ পৰা একাংশই ধনৰ বিনিয়মত অতি বি এড আৰু ডি এল এড ডিগ্ৰী গ্ৰহণ কৰি শিক্ষক হিচাপে নিযুক্তি লাভৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিল।
Exit mobile version