Site icon Guwahati Times

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ: টাই প্ৰাৰ্থনাৰে পূৰ্ব অধ্যক্ষই এৰিলে দায়িত্ব

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নৱনিযুক্ত অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাই কৰিলে দায়িত্ব গ্ৰহণ। পূৰ্বৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰপৰা দায়িত্বভাৰ গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নাতিয়েক  ৰুক্ম গোহাঞি বৰুৱাই।

উল্লেখ্য, নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণৰ আগমুহূৰ্তত পূৰ্ব অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে টাই ভাষাৰ প্রার্থনাৰে কাৰ্যালয়ৰ পৰা অব্যাহতি লয়।

নতুন অধ্যক্ষৰ দায়িত্বভাৰ লৈ ৰুক্ম গোহাঞি বৰুৱাই পৰীক্ষাৰ বাবে শিক্ষা সংসদ সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি জানিবলৈ দিয়ে। যদি পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযায় তেন্তে বিকল্প প্ৰক্ৰিয়াৰ বাবে সাজু আছে সংসদ। পৰিস্থিতি সুস্থ হ’লে কেন্দ্ৰই দিয়া নিৰ্দেশ অনুসৰি ৫ ছেপ্টেম্বৰৰ ভিতৰতে পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া শেষ হ’ব।অৱশ্যে বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা বা নকৰাৰ সিদ্ধান্ত অসম চৰকাৰে ল’ব।

আনহাতে বিদায়ী অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে কয় ‘পৰীক্ষা কেনেকৈ হয় ঠিক নাই। পৰীক্ষা অনুষ্ঠিত কৰাৰ ওপৰত নিৰ্ভৰ কৰিব ৰেংক’। লগতে তেওঁ অসমীয়া ভাষা জীয়াই ৰাখিবলৈ ৰাজনীতি কৰিলে নহ’ব বুলি উল্লেখ কৰি কয়- কা বিৰোধীতা কৰি লাভ নাই। কাৰ বাদে অন্য কি বিকল্প আছে সেই বিকল্পৰে অসমীয়া ভাষা জীয়াই ৰখাৰ আহ্বান জনায় তেওঁ।

‘ক’ভিড পৰিস্থিতিৰ মাজত কি দৰে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব সেয়া হ’ব মোৰ প্ৰথম উদ্দেশ্য’- অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ৰুক্ম গোহাঞি বৰুৱাই এইদৰে কয়।

উল্লেখ্য, তিনিবছৰৰ বাবে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁক।

Exit mobile version