Site icon Guwahati Times

৫ দিনে নিৰুদ্দেশ ঢকুৱাখনাৰ সোমেশ্বৰ বৰা

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পটাগুটীয়া চাপৰিৰ এজন ব্যক্তি যোৱা ৫দিনে নিৰুদ্দেশ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে। সন্ধানহীন ব্যক্তিজনৰ নাম সোমেশ্বৰ বৰা (৫৫) বুলি জানিব পৰা গৈছে। যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা নিজ গৃহৰ পৰাই নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালটোৰ মাজত উদ্বিগ্ন কৰি তুলিছে। নিৰুদ্দেশৰ পিছত ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও কোনো ধৰণৰ শুংসূত্ৰ নোপোৱাত অৱশেষত পৰিয়ালৰ লোকে ঢকুৱাখনা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।ইফালে পৰিয়ালে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ সন্ধানত ঢকুৱাখনা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কোনো সদাশয় ব্যক্তিয়ে যদি ব্যক্তিজনৰ বিষয়ে কোনো সম্ভেদ লাভ কৰে তেন্তে নিকটৱৰ্তী থানাত খবৰ দিয়াৰ লগতে ৮৭২৪৯-৮০৬৩১ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Exit mobile version