ৰাজ্যত দৈনিক কমেও ১ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য

0 min read

ৰাজ্যত দৈনিক কমেও এক লাখ লোকক ক’ভিড ভেকচিন প্রদানৰ লক্ষ্য নির্ধাৰণ কৰি লৈছে স্বাস্থ্য বিভাগে৷ এই উদ্দেশ্যে প্রতিখন জিলাৰ বাবে ভেকচিন দিয়াৰ দৈনিক লক্ষ্য স্থিৰ কৰি দিয়া হৈছে৷ কালি নিশা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সকলো জিলাতে ভেকচিন অভিযান তদাৰকৰ বিশেষ দায়িত্ব ন্যস্ত কৰা ডেজিগ্নেটেড অতিৰিক্ত উপায়ুক্ত আৰু জিলা প্রতিষেধক বিষয়াসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চযোগে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকতে স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যত বর্তমান পর্যাপ্ত পৰিমাণৰ প্রতিষেধক মজুত থকাৰ কথা উল্লেখ কৰি প্রতিখন জিলাতে শুকুৰবাৰৰ পৰা প্রতিষেধক প্রদান অভিযান অধিক ক্ষিপ্র কৰি তুলিবলৈ নির্দেশ দিয়ে৷

স্বাস্থ্যমন্ত্রী মহন্তই কয় যে জিলাসমূহত দৈনিক ক’ভিড ভেকচিন অভিযানৰ বাবে জিলা প্রশাসনে নির্ধাৰণ কৰা স্থানসমূহে সামৰি লোৱা এলেকাত ভেকচিন প্রদানৰ দুদিন আগৰ পৰাই স্থানীয় ৰাইজৰ মাজত ইয়াৰ প্রয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগিব প্রশাসন আৰু স্বাস্থ্য বিভাগে৷ এই দিশটো ভেকচিন অভিযান তদাৰকৰ দায়িত্বত থকা ডেজিগ্নেটেড অতিৰিক্ত উপায়ুক্তসকলে সুনিশ্চিত কৰিব লাগিব৷

তদুপৰি চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়, ক’ভিড কেয়াৰ চেণ্টাৰ আদিৰ পৰা ক’ভিডমুক্ত হৈ ঘৰলৈ উভতি যোৱা প্রতিজন লোকক পৰৱর্তী সাত দিনলৈকে স্বাস্থ্য বিভাগৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ প্রয়োজন সাপেক্ষে এনে লোকসকলক চিকিৎসা সেৱা আগবঢ়াবলৈও জিলা স্বাস্থ্য বিভাগক পৰামর্শ দিছে স্বাস্থ্যমন্ত্রী মহন্তই৷

তেওঁ উল্লেখ কৰা মতে, এই সন্দর্ভত অতিশীঘ্রে জিলা উপায়ুক্তসকললৈ স্বাস্থ্য বিভাগে নতুন প্রট’কল প্রেৰণ কৰিব৷ গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কার্যালয়ৰ পৰা জিলাসমূহক সংযোগ কৰি অনুষ্ঠিত হোৱা নিশাৰ এই ভিডিঅ’ কনফাৰেঞ্চত স্বাস্থ্য বিভাগৰ অনুৰাগ গোৱেল, সচিব হেমেন দাস, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞাকে ধৰি বিভাগীয় শীর্ষ বিষয়াবর্গ উপস্থিত আছিল৷

You May Also Like

More From Author