Site icon Guwahati Times

প্ৰতিদিনে ৯৫ ধৰ্ষণৰ ঘটনা ভাৰতত

গুৱাহাটী: দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ পিছতো দেশত হ্ৰাস পোৱা নাই যৌন উৎপীড়নৰ ঘটনা। ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ পিছত দেশজুৰি প্ৰবল প্ৰতিবাদ হোৱাৰ সময়ত ধাৰণা কৰা হৈছিল যে বলাৎকাৰৰ বিষয়টোক লৈ দেশৰ সৰ্বসাধাৰণ লোক সজাগ হৈছে।

কিন্তু সেয়া ভুল বুলি প্ৰমাণ কৰিলে শেহতীয়াকৈ ঘটা হাথৰস কাণ্ডই। ইণ্ডিয়া টুডে’ই চলোৱা এক সমীক্ষা মতে, ২০১৩ৰ পৰা ২০১৯লৈ দেশত মুঠ ২ লাখ ৪২ হাজাৰ বলাৎকাৰৰ ঘটনা ঘটিছে।

প্ৰতিঘণ্টাত ৪টাকৈ বলাৎকাৰ হোৱাৰ লগতে প্ৰতিদিনে ৯৫ ধৰ্ষণৰ ঘটনা ভাৰতত ঘটি আছে। ভাৰতত এতিয়া ধৰ্ষণে যেন মহামাৰীৰ ৰূপ লৈছে। বিগত ১০ বছৰত ৩১ শতাংশলৈ বৃদ্ধি হৈছে ধৰ্ষণৰ ঘটনা।

Exit mobile version